ETV Bharat / state

চাঞ্চল্যকৰ অপহৰণ; অসম-নাগালেণ্ডৰ সীমান্তৰ নামতোলাত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ - KIDNAPPING IN CHARAIDEO NAMTOLA

অপহৃত মুছলেক আলী অবৈধ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহ কৰিছে বিভিন্নজনে । পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ অপৰাধত কাৰাবাস খাটিছিল মুছলেক আলীয়ে ।

Naga Miscreants Kidnapped Case
অসম-নাগালেণ্ডৰ সীমান্তৰ নামতোলাত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2024, 12:52 PM IST

মৰাণ: চৰকাৰে অসম-নাগালেণ্ডৰ সীমা সমস্যা সমাধানৰ বাবে চেষ্টা কৰাৰ সময়তে সীমান্তত চৰাইদেউ জিলাৰ গাঁওসমূহৰ ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে । নগা দুৰ্বৃত্তই প্ৰায়েই সন্ত্ৰাস চলাই অসমৰ বাসিন্দাক আতংকিত কৰি আহিছে । অসম আৰক্ষীক অস্তিত্বহীন কৰি গধূলিতে নামতোলা আৰক্ষী চকীৰ নিচেই কাষৰ পৰা নগা দুৰ্বৃত্তই গুলী ফুটাই অপহৰণ কৰিলে অসমৰ ব্যৱসায়ীক ।

এই ঘটনাক লৈ চৰাইদেউৰ সোণাৰিৰ নামতোলাৰ লগতে ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি হৈছে । নামতোলাৰ হাতীলাইনৰ টিলা লাইন পথত এই ঘটনা সংঘটিত হৈছে । মুছলেক আলী নামৰ লোকজনক নিজ ব্যৱসায় প্ৰতিষ্ঠানত বহি থকা সময়ত সোমবাৰে সন্ধিয়া এখন বগা ৰঙৰ বাহনত অহা অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰে । নামতোলা আৰক্ষী থানাৰ পৰা ১০০ মিটাৰ আঁতৰতে এই ঘটনাটো সংঘটিত হয় । ব্যৱসায়ীজনৰ দোকানৰ সন্মুখত এটা গ্ৰেণেডো এৰি যায় দুৰ্বৃত্তৰ দলটোৱে । চি চি টিভিত বন্দী হৈছে অপহৰণৰ সমগ্ৰ দৃশ্য ।

অসম-নাগালেণ্ডৰ সীমান্তৰ নামতোলাত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ (ETV Bharat Assam)

নগা দুৰ্বৃত্তই গুলীচালনা কৰি নাগালেণ্ডৰ পৰা আহি অসমৰ ভূমিত সংঘটিত কৰা ঘটনাক লৈ কোনো উমান লাভ নকৰিলে অসম আৰক্ষীয়ে । কোনে কিয় এই ঘটনা সংঘটিত কৰিছে তাক লৈ এই মুহূৰ্তলৈকে অসম আৰক্ষীৰ হাতত নাই কোনো তথ্য । চাঞ্চল্যকৰ এই অপহৰণৰ ঘটনাৰ পাছতে মঙলবাৰে স্তব্ধ হৈ পৰিছে অসম -নাগালেণ্ডৰ সীমান্তৰ চৰাইদেউৰ নামতোলা ।

বন্ধ হৈ পৰিছে নামতোলাৰ ব্যৱসায়িক প্ৰতিষ্ঠান:

চৰকাৰে ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰা হৈছে বুলি দাবী কৰাৰ সময়ত চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ অতি স্পৰ্শকাতৰ অঞ্চলত আচলতে নিৰাপত্তা নাইকীয়া হৈছে নেকি জনসাধাৰণৰ ? চাৰিজনকৈ যুৱকে মাৰাণাস্ত্ৰ লৈ দোকানত প্ৰৱেশ কৰি টনা-আঁজোৰাকৈ এজন ব্যৱসায়ীক অপহৰণ কৰাৰ পাছত ঘটনাস্থলীত এটা গ্ৰেণেড উদ্ধাৰ হোৱাত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে নামতোলাত । আৰক্ষী চকীৰ সমীপত গুলি ফুটাই ব্যৱসায়ীক অপহৰণ কৰাৰ পাছতো আৰক্ষীয়ে কোনো ধৰণৰ তথ্য উদঘাটন কৰিব নোৱাৰাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আজি পুৱা সমগ্ৰ নামতোলা অঞ্চল স্তব্ধ হৈ পৰিছে । সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিছে ব্যৱসায়ীসকলে ।

কোনে কিয় অপহৰণ কৰিলে ব্যৱসায়ী জনক ?

নগা দুৰ্বৃত্তই গুলী ফুটাই নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰাই মুছলেক আলী নামৰ লোকজনক অপহৰণ কৰিছে যদিও দুৰ্বৃত্তৰ পৰিয়ালক কৰা নাই ধন দাবী । সেই কথা ঘটনাৰ পাছতে অপহৃতৰ মুছলেক আলী পত্নীয়ে জানিবলৈ দিছে । সেয়েহে গেলামাল দোকানৰ ব্যৱসায়ীজনক কোনো কিয় অপহৰণ কৰিছে তাক লৈ সৃষ্টি হৈছে ৰসহ্য । বিশেষ সূত্ৰ অনুসৰি নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠন এন এছ চি এনৰ নতুনকৈ বিভাজিত গোট আঙমাই এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহ কৰা হৈছে ।

অপহৃত মুছলেক আলী অবৈধ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহ কৰিছে বিভিন্নজনে । পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ অপৰাধত কাৰাবাস খাটিছিল মুছলেক আলীয়ে । ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ কাৰণে নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠনে অপহৰণ কৰিব পাৰে বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক:চৰাইদেউৰ নামতোলাত চাঞ্চল্যকৰ অপহৰণকাণ্ড: অসমৰ ব্যৱসায়ীক অপহৰণ নগা দুৰ্বৃত্তৰ

আলফা(স্বাঃ) নে আন কোনোবা ? জাগুনৰ চাহ ফেক্টৰীৰ মহৰীক অপহৰণৰ আঁৰত কোন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.