বিশেষ প্ৰতিবেদন : ২০১৫ চনত ড৹ বি আৰ আম্বেদকাৰৰ ১২৫ সংখ্যক জন্মজয়ন্তী উপলক্ষে ২৬ নৱেম্বৰৰ দিনটোক ভাৰত চৰকাৰে সংবিধান দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লয় । ইয়াৰ উদ্দেশ্য হৈছে সংবিধানৰ মুখ্য স্থপতিগৰাকীক স্মৰণ কৰা ইয়াৰ গুৰুত্ব সম্পৰ্কে প্ৰচাৰ কৰা ।
১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই ভাৰতৰ সংবিধানখন গ্ৰহণ কৰিছিল । পৰৱৰ্তী পৰ্যায়ত ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান কাৰ্যকৰী হৈছিল । ইয়াৰ দ্বাৰা বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ ভেটি স্থাপন কৰা হৈছিল । 75 বছৰ ধৰি এই গুৰুত্বপূৰ্ণ গ্ৰন্থখনে দেশ পৰিচালনাৰ বাবে পথ প্ৰদৰ্শক হিচাপে কাম কৰি আহিছে । ভাৰতীয় সংবিধানৰ বহুতো উল্লেখযোগ্য বৈশিষ্ট্যৰ ভিতৰত ধৰ্মনিৰপেক্ষতা আৰু বহুত্ববাদৰ নীতিবোৰ ভাৰতৰ গণতান্ত্ৰিক পৰিচয়ৰ আধাৰশিলা হিচাপে থিয় হৈ আছে ।
ভাৰতীয় সংবিধানত ধৰ্মনিৰপেক্ষতা
ধৰ্ম আৰু ৰাজ্যৰ মাজত সম্পূৰ্ণ পৃথকীকৰণৰ পাশ্চাত্য আৰ্হিৰ বিপৰীতে ভাৰতীয় সংবিধানে এক অনন্য আৰ্হি "সকলো ধৰ্মৰ প্ৰতি সমান সন্মান"ৰ এক আৰ্হি গ্ৰহণ কৰে, যাতে দেশখনে কোনো ধৰ্মৰ প্ৰতি পক্ষপাতিত্ব বা বৈষম্য নকৰে ।
সংবিধানক ধৰ্মনিৰপেক্ষ কৰি তোলাৰ মুখ্য বৈশিষ্ট্যসমূহৰ ভিতৰত আছে ধৰ্মৰ স্বাধীনতা (অনুচ্ছেদ 25-28), আইনৰ সন্মুখত সকলোৰে সমতা (অনুচ্ছেদ 14 আৰু 15) আৰু ধৰ্মৰ ক্ষেত্ৰত ৰাজ্যৰ নিৰপেক্ষতা (অনুচ্ছেদ 27-28) । আনহাতে, অনুচ্ছেদ 25 ৰ পৰা 28-এ ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ নিশ্চিত কৰে, প্ৰতিজন ব্যক্তিক তেওঁলোকৰ বিশ্বাস পালন, অনুশীলন আৰু প্ৰচাৰ কৰিবলৈ অনুমতি দিয়ে ।
একে সময়তে, এই ব্যৱস্থাবোৰে ব্যক্তিসকলক এক নিৰ্দিষ্ট ধৰ্ম অনুসৰণ কৰিবলৈ বাধ্য হোৱাৰ পৰা সুৰক্ষিত কৰে । অনুচ্ছেদ 14-এ আইনৰ সন্মুখত সমতাৰ নিশ্চয়তা দিয়ে আৰু ধৰ্ম, জাতি বা লিংগৰ ওপৰত আধাৰিত বৈষম্য নিষিদ্ধ কৰে । অনুচ্ছেদ ১৫-এ বিশেষভাৱে ধৰ্মীয় ভিত্তিত বৈষম্যমূলক আচৰণ নিষিদ্ধ কৰিছে ।
দেশৰ নিৰপেক্ষতা অনুচ্ছেদ 27-ৰ দ্বাৰা নিশ্চিত কৰা হয় । এই অনুচ্ছেদে যিকোনো ধৰ্মৰ প্ৰচাৰ বা ৰক্ষণাবেক্ষণৰ বাবে ৰাজহুৱা পুঁজিৰ ব্যৱহাৰ নিষিদ্ধ কৰে আৰু অনুচ্ছেদ 28-ৰ দ্বাৰা চৰকাৰৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানবোৰত ধৰ্মীয় নিৰ্দেশনা নিষিদ্ধ কৰে । বহুত্ববাদ আৰু বৈচিত্ৰ্য হৈছে সংবিধানৰ দ্বাৰা নিৰ্দেশিত দেশৰ পৰৱৰ্তী বিশেষ বৈশিষ্ট্য, যিয়ে ধৰ্মনিৰপেক্ষতাক শক্তিশালী কৰে ।
ভাৰতত 1.45 বিলিয়নতকৈও অধিক লোকে বাস কৰে । তেওঁলোকে অষ্টম অনুসূচীত তালিকাভুক্ত 22 টা চৰকাৰী ভাষা কয় আৰু বিভিন্ন ধৰ্ম পালন কৰে । বিশ্বৰ ৭,১১১ টা জ্ঞাত জীৱিত ভাষাৰ তালিকা তৈয়াৰ কৰা এক বিশ্বকোষীয় প্ৰসংগ ৰচনা এথনোলগ (Ethnologue)-এ ভাৰতক হাজাৰ হাজাৰ উপভাষাৰ উপৰি ৩৯৮ টা ভাষাৰ ঘৰ বুলি উল্লেখ কৰিছে ।
লগতে পঢ়ক :সংবিধানৰ প্ৰস্তাৱনাৰ পৰা উঠাই দিব নোৱাৰিব 'সমাজতান্ত্ৰিক'-'ধৰ্মনিৰপেক্ষ' শব্দ: উচ্চতম ন্যায়ালয়ৰ ৰায় |
অনুচ্ছেদ 29-এ সংখ্যালঘুসকলৰ ভাষা, লিপি আৰু সংস্কৃতি সংৰক্ষণ কৰাৰ অধিকাৰ সুৰক্ষিত কৰে । শেহতীয়াকৈ বাতৰিৰ শিৰোনামত থকা অনুচ্ছেদ 30-এ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলক তেওঁলোকৰ পচন্দৰ শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনা কৰাৰ ক্ষমতা প্ৰদান কৰে । ই সাংস্কৃতিক পৰিচয় সংৰক্ষণ নিশ্চিত কৰে ।
সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ হৈছে আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য, যিয়ে জাতি, ধৰ্ম, লিংগ বা অৰ্থনৈতিক স্থিতি নিৰ্বিশেষে সকলো প্ৰাপ্তবয়স্কক ভোটদানৰ অধিকাৰ প্ৰদান কৰে । প্রান্তিক সম্প্ৰদায়বোৰৰ সুৰক্ষাৰ বাবে সংবিধানত অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ (অ' বি চি) বাবে ৰাজনৈতিক, শৈক্ষিক আৰু নিযুক্তিৰ সুযোগ নিশ্চিত কৰা, ইতিবাচক পদক্ষেপৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে ।
ধৰ্মনিৰপেক্ষতা আৰু বহুত্ববাদৰ সহৱস্থান হৈছে দুটা মৌলিক বৈশিষ্ট্য, যি বৈচিত্ৰ্যৰ মাজত ভাৰতৰ একতাৰ কেন্দ্ৰবিন্দু । সংখ্যালঘু অধিকাৰক সন্মান জনাই সংবিধানে আনৰ ওপৰত যিকোনো একক গ্ৰুপৰ আধিপত্য প্ৰতিহত কৰে । আনহাতে, বহুত্ববাদে সকলোৰে অংশগ্ৰহণ বৃদ্ধি কৰে, যাতে সকলো সম্প্ৰদায়ে ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত মূল্যৱান আৰু প্ৰতিনিধিত্ব অনুভৱ কৰে । মই প্ৰায়ে কৈ আহিছোঁ যে ভাৰত ধৰ্মনিৰপেক্ষ, কাৰণ হিন্দুসকল ধৰ্মনিৰপেক্ষ আৰু তাৰ জীৱন্ত প্ৰমাণ হৈছে আমাৰ সংবিধান ।
যেতিয়া ধৰ্মৰ নামত দেশখন বিভাজন কৰা হৈছিল, পাকিস্তান এখন ইছলামিক গণৰাজ্যত পৰিণত হৈছিল । আনহাতে, ভাৰতে সংবিধান সভাত সৰ্বসন্মতভাৱে ধৰ্মনিৰপেক্ষ হোৱাৰ সিদ্ধান্ত লৈছিল, য'ত এক বৃহৎ সংখ্যাগৰিষ্ঠতা (82%) সদস্য হিন্দু আছিল !
ভাৰতক বিশ্ব সম্প্ৰদায়ে আশ্চৰ্যচকিত আৰু সন্মানৰ দৃষ্টিৰে চোৱাৰ কাৰণ হৈছে ইয়াৰ অনন্য বহুত্ব আৰু ধৰ্মনিৰপেক্ষ পৰিচয়, যিয়ে ব্যতিক্ৰমীভাৱে বিশাল আৰু বৈচিত্ৰ্যময় দেশখনক ঐক্যবদ্ধ কৰি ৰাখিছে । উল্লেখখ্য যে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰকাৰৰ অধীনত জৰুৰীকালীন অৱস্থাৰ সময়ত ৪২ সংখ্যক সংশোধনী আইন, ১৯৭৬ৰ দ্বাৰা ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত 'ধৰ্মনিৰপেক্ষ' শব্দটো সংযোগ কৰা হৈছিল ।
এই সংশোধনীয়ে প্ৰস্তাৱনাত 'ধৰ্মনিৰপেক্ষ' আৰু 'সমাজতান্ত্ৰিক' শব্দকেইটা অন্তৰ্ভুক্ত কৰিছিল । ইয়াৰ দ্বাৰা ভাৰতক এনেদৰে বৰ্ণনা কৰা হৈছিল : "সাৰ্বভৌম সমাজতান্ত্ৰিক ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য ।"
'ধৰ্মনিৰপেক্ষ' শব্দটো যোগ কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে ব্যাপক বিতৰ্ক হৈছে, বিশেষকৈ বিগত কেইটামান দশকত । যেতিয়া বেছিভাগ নিবন্ধৰ পৰায়ে ধৰ্মনিৰপেক্ষতা শব্দটো ওলাই আহে, তেতিয়া ইয়াৰ ওপৰত বিতৰ্ক হোৱাটো সঁচাকৈয়ে প্ৰয়োজনীয়নে ? জনসংখ্যাৰ এটা অংশই প্ৰস্তাৱনাৰ পৰা ইয়াক বিলোপ কৰাৰ বাবে যুঁজ দি আছে, বিশেষকৈ এইটো তেওঁলোকৰ বাবে চকুৰ কুটা, দাঁতৰ শাল ইন্দিৰা গান্ধীৰ দ্বাৰা অনা হৈছিল আৰু তাকো অতি ঘৃণিত জৰুৰীকালীন অৱস্থাৰ সময়ত ।
তেওঁলোকে এই সত্যটো উপেক্ষা কৰে যে ই সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰটো অলপো সলনি নকৰে । যদিও কিছুমানে ভাবে যে এইটো অপ্ৰয়োজনীয়, আন কিছুমানৰ বাবে ই আকৌ শক্তিশালীকৰণ । অৱশ্যে যিকোনো প্ৰকাৰতে নহওক কিয়, বিতৰ্কটো অতিৰিক্ত ।
উচ্চতম ন্যায়ালয়ৰ বিভিন্ন ৰায়ৰ দ্বাৰা নিশ্চিত কৰা অনুসৰি ধৰ্মনিৰপেক্ষতা আৰু বহুত্ববাদক ভাৰতীয় সংবিধানৰ মৌলিক গাঁথনিৰ অংশ বুলি গণ্য কৰা হয় । মৌলিক গাঁথনি মতবাদ প্ৰতিষ্ঠা হৈছিল যুগান্তকাৰী কেশৱানন্দ ভাৰতী বনাম কেৰালা ৰাজ্য (1973) গোচৰটোৱে সংবিধানৰ কিছুমান মৌলিক নীতি চিনাক্ত কৰাৰ দ্বাৰা, যাক সংসদৰ দ্বাৰা সংশোধন কৰিব নোৱাৰি, আনকি অনুচ্ছেদ 368-ৰ অধীনত ইয়াৰ সাংবিধানিক সংশোধন ক্ষমতাৰ জৰিয়তেও । *
এছ আৰ বোম্মাই বনাম ইউনিয়ন অব ইণ্ডিয়াৰ (১৯৯৪) ক্ষেত্ৰত, উচ্চতম ন্যায়ালয়ে ধৰ্মনিৰপেক্ষতাক মৌলিক গাঁথনিৰ অংশ হিচাপে স্পষ্টভাৱে স্বীকৃতি দিছিল । ন্যায়ালয়ে ৰায় দিছিল যে : ধৰ্মনিৰপেক্ষতাৰ অৰ্থ হৈছে যে ৰাজ্যই ধৰ্মৰ ক্ষেত্ৰত নিৰপেক্ষতা বজাই ৰাখিব লাগিব আৰু সকলো ধৰ্মৰ সৈতে সমান ব্যৱহাৰ নিশ্চিত কৰিব লাগিব । ধৰ্মনিৰপেক্ষতাক দুৰ্বল কৰা যিকোনো আইন বা সংশোধনী অসাংবিধানিক হ'ব ।
ধৰ্মনিৰপেক্ষতাৰ দৰে বহুত্ববাদো মৌলিক গাঁথনিৰ এটা অংশ । বহুত্ববাদ মানে হৈছে বিভিন্ন সাংস্কৃতিক, ভাষিক, ধৰ্মীয় আৰু সামাজিক গোটৰ সমন্বয়ৰ সহৱস্থান । ই এক বহুধা-সাংস্কৃতিক সমাজ হিচাপে ভাৰতৰ পৰিচয়ত অন্তৰ্নিহিত ।
বহুত্ববাদৰ ন্যায়িক স্বীকৃতি বিভিন্ন যুগান্তকাৰী ৰায়ৰ জৰিয়তে আহিছে । ইন্দ্ৰ চাওনি বনাম ইউনিয়ন অব ইণ্ডিয়াৰ (১৯৯২) ক্ষেত্ৰত, উচ্চতম ন্যায়ালয়ে সংবিধানৰ আধাৰশিলা নীতি হিচাপে অন্তৰ্ভুক্তি আৰু সামাজিক ন্যায়ৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে । কেশৱানন্দ ভাৰতী গোচৰটোৱে এইটোও উল্লেখ কৰিছিল যে গণতন্ত্ৰ, সমতা আৰু ব্যক্তিৰ মৰ্যাদা- এই সকলোবোৰ বহুত্ববাদৰ মূলত আছে- মৌলিক গাঁথনিৰ অংশ ।
বহুত্ববাদে শাসনত সকলো গোটৰ প্ৰতিনিধিত্ব নিশ্চিত কৰে আৰু ভাৰতীয় গণতন্ত্ৰৰ এক আধাৰশিলা বৈচিত্ৰ্যৰ মাজত একতাৰ নীতি বজাই ৰাখে । ভাৰতীয় সংবিধান এনেকুৱা এক অনন্য আৰ্হি, য'ত নমনীয়তা আৰু কঠোৰতা একেলগে জড়িত হৈ আছে । যদিও পৰিৱৰ্তনশীল সময়ৰ সৈতে তাল মিলাবলৈ 1951 চনৰ পৰা 105 বাৰ সংশোধন কৰা হৈছে, কিন্তু মৌলিক চৰিত্ৰটো সুৰক্ষিত হৈ আছে । এইটোৱেই পৃথিৱীৰ সৰ্ববৃহৎ ৰাষ্ট্ৰখনক ঐক্যবদ্ধ কৰি ৰাখিছে ।
লেখক এছ ৱাই কুৰেইশ্বি হৈছে ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচনৰ ওপৰত তিনিখন গ্ৰন্থ প্ৰণেতা । তেওঁৰ শেহতীয়া গ্ৰন্থখন হৈছে হৈছে 'India's Experiment with Democracy-the Life of a Nation through its Elections.'