স্প’ৰ্টছ ডেস্ক: আই পি এল 2025 মেগা নিলামৰ দ্বিতীয় দিনটোত ভাৰতীয় বলাৰসকলৰ ওপৰত যথেষ্ট ধন বিনিয়োগ কৰা দেখা যায় ফ্ৰেঞ্চাইজিসকলক ৷ সোমবাৰে অৰ্থাৎ দুদিনীয়া নিলামৰ দ্বিতীয় দিনটোত আটাইকেইটা ফ্ৰেঞ্চাইজিয়ে ভাৰতৰ তাৰকা বলাৰসকলৰ বাবে বিড কৰে ।
বিশেষকৈ ভাৰতীয় ফাষ্ট বলাৰ ভূৱনেশ্বৰ কুমাৰ আৰু দীপক চাহাৰেৰ ওপৰত ফ্ৰেঞ্চাইজিয়ে যথেষ্ঠ ধন বিনিয়োগ কৰিছে ৷ এই প্ৰতিবেদনত ভাৰতৰ কোনগৰাকী বলাৰক কোনটো দলে কিমান টকাৰে চুক্তিবদ্ধ কৰিলে, সেই সম্পৰ্কে সমগ্ৰ তথ্য উল্লেখ কৰা হ’ল-
ভূৱনেশ্বৰ কুমাৰ: ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ দ্ৰুত বলাৰ ভূৱনেশ্বৰ কুমাৰে নিলামৰ দ্বিতীয় দিনা নিবিদা লাভ কৰে । ভূৱনেশ্বৰক আই পি এলৰ মজিয়াত বহু বছৰ ধৰি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলি থকা দেখা গৈছিল । অৱশ্যে এইবাৰ খেলুৱৈগৰাকীক মুকলি কৰি দিছিল দলটোৱে । এই নিলামত ক্ৰিকেটাৰগৰাকীক ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 10 কোটি 75 লাখ টকাত ক্ৰয় কৰে । ভূৱনেশ্বৰ চলিত নিলামত চুক্তিবদ্ধ হোৱা সৰ্বাধিক ব্যয়বহুল ভাৰতীয় বলাৰসকলৰ মাজৰ এজন হিচাপে পৰিচিত হৈছে ৷
He brings solid experience! 👌
— IndianPremierLeague (@IPL) November 25, 2024
Bhuvneshwar Kumar goes the #RCB way for INR 10.75 Crore! 👏 👏#TATAIPLAuction | #TATAIPL | @BhuviOfficial | @RCBTweets pic.twitter.com/zY9h8yQAkk
দীপক চাহাৰ: টীম ইণ্ডিয়াৰ হৈ বলৰে ধুমুহা সৃষ্টি কৰা দীপক চাহাৰে নিলামৰ দ্বিতীয় দিনা যথেষ্ট লাভান্বিত হৈছে । চাহাৰক দীৰ্ঘদিন ধৰি চেন্নাই চুপাৰ কিংছৰ হৈ ভাল বলিং কৰা দেখা গৈছিল । আই পি এলৰ আগন্তুক ছিজনত খেলুৱৈগৰাকীক মুম্বাই ইণ্ডিয়ানছত দেখা যাব ৷ দীপকক মুম্বাই ইণ্ডিয়ানছে 9 কোটি 25 লাখ টকাৰে ক্ৰয় কৰে ।
1⃣ plate vadapav, faqt tikhat chutney for 𝐃𝐞𝐞𝐩𝐚𝐤 𝐂𝐡𝐚𝐡𝐚𝐫, ℙ𝔸ℝℂ𝔼𝕃! 🔥#MumbaiMeriJaan #MumbaiIndians #TATAIPLAuction pic.twitter.com/1eR7Ord1Pc
— Mumbai Indians (@mipaltan) November 25, 2024
মুকেশ কুমাৰ: ভাৰতৰ সোঁহতীয়া ফাষ্ট বলাৰ মুকেশ কুমাৰক তেওঁৰ পুৰণি দল দিল্লী কেপিটেলছে দলত অন্তৰ্ভুক্ত কৰিছে । দিল্লীয়ে মুকেশৰ বাবে ৰাইট-টু-মেচ কাৰ্ড ব্যৱহাৰ কৰি 8 কোটি টকাত ক্ৰয় কৰে । বিহাৰৰ ক্ৰিকেটাৰগৰাকীৰ আধাৰমূল্য আছিল 2 কোটি টকা ।
Read that again 🔥 pic.twitter.com/IUuby32U8H
— Delhi Capitals (@DelhiCapitals) November 25, 2024
আকাশদীপ: শেহতীয়াকৈ ভাৰতৰ হৈ টেষ্ট ক্ৰিকেটত প্ৰভাৱ পেলোৱা আকাশদীপক লক্ষ্ণৌ চুপাৰ জায়েণ্টছে 8 কোটি টকাত চুক্তিবদ্ধ কৰিছে । আৰ চি বিয়ে আকাশৰ বাবেও বিড কৰিছিল ৷ কিন্তু শেষত লক্ষ্ণৌৱে আকাশ ক্ৰয় কৰে ।
Akash aa chuke hai hum sab ke dilon mein deep jalaane 🔥 pic.twitter.com/SehCISZEiz
— Lucknow Super Giants (@LucknowIPL) November 25, 2024
তুষাৰ দেশপাণ্ডে: টীম ইণ্ডিয়াৰ হৈ টি-20 ক্ৰিকেটত আত্মপ্ৰকাশ ঘটোৱা তুষাৰ দেশপাণ্ডেক ৰাজস্থান ৰয়েলছে 6.5 কোটি টকাত ক্ৰয় কৰিছে । এতিয়া এই দ্ৰুত বলাৰগৰাকীক ৰাজস্থানৰ হৈ খেলা আগন্তুক আই পি এল ছিজনত দেখা যাব ৷
𝘙𝘶𝘬𝘦𝘨𝘢 𝘯𝘢𝘩𝘪... 💗🔥 pic.twitter.com/viekkhAnxP
— Rajasthan Royals (@rajasthanroyals) November 25, 2024
লগতে পঢ়ক: হতাশাগ্ৰস্ত ইংলেণ্ডৰ ক্ৰিকেটাৰ ছেম কৰণ; চেন্নাই চুপাৰ কিংছৰ সৈতে 2.40 কোটি টকাত চুক্তিবদ্ধ