অসম

assam

ETV Bharat / politics

পৃথক ৰাজ্যৰ দাবী: নাগালেণ্ডৰ 6 খন জিলাৰ ৰাইজে ভোটেই নিদিলে - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

একমাত্ৰ লোকসভা সমষ্টিৰ নাগালেণ্ডৰ 6 খন জিলাত শূন্য় ভোটদানৰ তথ্য পোৱা গৈছে ৷ ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যনে পৃথক ৰাজ্যৰ দাবীক লৈ নিৰ্বাচন বৰ্জনৰ আহ্বান জনাইছিল ৷

LOK SABHA POLLS IN NAGALAND
নাগালেণ্ডৰ 6 খন জিলাত প্ৰায় শূন্য শতাংশ ভোটদান

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 8:25 PM IST

তেজপুৰ, 19 এপ্ৰিল : 6 খন জিলাৰ ভোটাৰৰ ভোট বর্জনৰে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্তি ঘটিল উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্য নাগালেণ্ডত ৷ শুকুৰবাৰে দেশত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ একমাত্ৰ লোকসভা সমষ্টিৰ নাগালেণ্ডৰ 6 খন জিলাত শূন্য ভোটদানৰ তথ্য পোৱা গৈছে ৷ দৰাচলতে ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যনে পৃথক ৰাজ্যৰ দাবীক লৈ নিৰ্বাচন বৰ্জনৰ আহ্বান জনাইছিল ৷

জানিব পৰা মতে নিৰ্বাচন বৰ্জনৰ বাবে পূব নাগালেণ্ডৰ 6 খন জিলাত প্ৰায় শূন্য শতাংশ ভোটদান হৈছে ৷ কিন্তু ৰাজ্যৰ আন আন প্ৰান্তত বিয়লি 3 বজালৈ 51.73 শতাংশ ভোটগ্ৰহণ ৰেকৰ্ড কৰা হৈছে যদিও শেহতীয়া তথ্য বাতৰি লিখাৰ সময়লৈ উপলব্ধ হোৱা নাই ৷ নাগালেণ্ডত 1967 চনত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় আৰু ইয়াৰ প্ৰথম সংসদ সদস্য (এম পি) আছিল নাগালেণ্ড জাতীয়তাবাদী সংগঠনৰ নেতা এছ চি জমিৰ যি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল ৷ 1969 চনত ভাৰতৰ সংবিধানৰ 33 সংখ্যক সংশোধনীৰ জৰিয়তে অনুসূচীত জনজাতিসকলৰ বাবে এই আসন সংৰক্ষণ বন্ধ কৰা হয় ৷

1971 চনৰ নিৰ্বাচনত ইউনাইটেড ফ্ৰণ্ট অৱ নাগালেণ্ড দলৰ কেভিচুছা আংগামীয়ে জমিৰক পৰাস্ত কৰে ৷ 1977 চনৰ নিৰ্বাচনত ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ ৰানো এম ছাইজা নিৰ্বাচিত হৈছিল ৷ এন পি অ’ই পূব নাগালেণ্ডৰ সাতটা জনজাতীয় সংগঠনৰ নেতৃত্ব দিয়ে, যিয়ে 2010 চনৰ পৰা 6 খন পিছপৰা জিলাৰে গঠিত পৃথক ৰাজ্যৰ দাবী জনাই আহিছে ৷ এই 6 খন জিলাৰ ভিতৰত মন, কিফিৰ, লংলেং, নোক্লক, ছামটৰ আৰু টুয়েনছাং ৷ এই জিলাসমূহত নাগালেণ্ড বিধানসভাৰ মুঠ 60 খন আসনৰ ভিতৰত 20 খন আসন আছে ৷

একে সময়তে নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়াই এন পি অ’ক নিৰ্বাচনত ব্যাঘাত নজন্মাবলৈ জাননী জাৰি কৰিছিল ৷ দেশৰ নিৰ্বাচন আয়োগে এক বিবৃতিত কয় যে এন পি অ’ই লোকসভা নিৰ্বাচনত পূব নাগালেণ্ডত বসবাস কৰা লোকসকলৰ অধিকাৰৰ মুক্ত ব্যৱহাৰত হস্তক্ষেপ কৰি নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰিছে ৷ সেয়েহে সংগঠনটোক কাৰণ দেখুৱাবলৈ জাননী জাৰি কৰি তাৰ উত্তৰ বিচৰা হৈছে ৷ আই পি চিৰ 171 চি ধাৰাত কিয় ব্যৱস্থা গ্ৰহণ কৰিব নালাগে ৷

একে সময়তে নিৰ্বাচন আয়োগৰ কাৰণ দেখুৱাই দিয়া জাননীৰ প্ৰতি সঁহাৰি জনাই এন পি অ’ই কয় যে ৰাইজৰ স্বেচ্ছামূলক উদ্যোগত বন্ধৰ আহ্বান কৰা হৈছিল ৷ ইয়াৰ উদ্দেশ্য আছিল পূব নাগালেণ্ড অঞ্চলৰ আইন-শৃংখলাৰ পৰিস্থিতি বজাই ৰখা, যাৰ ফলত অঞ্চলটোৰ বাসিন্দাসকলৰ সুৰক্ষা আৰু মংগল নিশ্চিত কৰা ৷ এন পি অ’ই কয় যে অসামাজিক উপাদানৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহুৱা আবেদন কৰা হৈছিল ৷ ইয়াৰ বাবে সকলো অংশীদাৰৰ সৈতে আলোচনা অনুষ্ঠিত কৰা হৈছিল ৷ 2023 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন বৰ্জনৰ বাবেও এন পি অ’ আৰু ইয়াৰ সৈতে জড়িত সংগঠনসমূহে আহ্বান জনাইছিল যদিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আশ্বাসৰ পিছতে এই আহ্বান প্ৰত্যাহাৰ কৰে ৷

লগতে পঢ়ক :অৰুণাচল প্ৰদেশত নিৰ্বাচনী হিংসা; মুখ্যমন্ত্ৰী-ৰাজ্যপালে সাব্যস্ত কৰিলে ভোটাধিকাৰ - Elections In Arunachal Pradesh

ABOUT THE AUTHOR

...view details