নিউজ ডেস্ক, ৫ জুন: ২০২৪ চনৰ ওড়িশা বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১৪৭ খন আসনৰ ভিতৰত ৭৮ খন আসন লাভ কৰি অভূতপূৰ্ব প্ৰদৰ্শন কৰিছে । ২৪ বছৰ ধৰি ওড়িশাত শাসন চলোৱা বিৰ্জু জনতা দলক পৰাস্ত কৰিছে গেৰুৱা দলটোৱে । এতিয়া ডাঙৰ প্ৰশ্নটো উত্থাপন হৈছে যে ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ? বিজেপিৰ বহু হেভীৱেট নেতা এতিয়া মুখ্যমন্ত্ৰী পদৰ দৌৰত আছে ৷ ওড়িশাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত জল্পনা-কল্পনা চলি থকাৰ মাজতে বুধবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি মনমোহন সমলে জনায় যে দলটোৰ সংসদীয় ব’ৰ্ডে এদিন বা দুদিনৰ পাচত এই সন্দৰ্ভত সিদ্ধান্ত ল’ব ।
ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত জল্পনা-কল্পনা অব্যাহত আছে । মুখ্যমন্ত্ৰী পদৰ দৌৰত থকা নামসমূহৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত পাণ্ডা, ভুৱনেশ্বৰৰ সাংসদ অপৰাজিতা সাৰংগী, বালাছোৰৰ সাংসদ প্ৰতাপ সাৰংগী, সুৰেশ পূজাৰী আৰু CAG গিৰীশ চন্দ্ৰ মুৰ্মূ ।
লগতে পঢ়ক:সুদূৰ পৰাহত চৰকাৰ গঠনৰ সপোন, তথাপিও সঠিক সময়ৰ সন্ধানত ইণ্ডিয়া - Opposition meeting in Delhi
ধৰ্মেন্দ্ৰ প্ৰধান:কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সম্বলপুৰৰ লোকসভাৰ আসনৰ পৰা জয়লাভ কৰা ধৰ্মেন্দ্ৰ প্ৰধান ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীৰ দৌৰত আগবাঢ়ি আছে । সম্বলপুৰত বিজেডিৰ হেভিৱেট প্ৰাৰ্থী প্ৰণৱ প্ৰকাশ দাসক ১ লাখ ১৯ হাজাৰ ৮৩৬ ভোটত পৰাস্ত কৰা ধৰ্মেন্দ্ৰ প্ৰধান এতিয়া মুখ্যমন্ত্ৰী পদৰ মূল প্ৰতিদ্বন্দ্বী ।
CAG গিৰীশ চন্দ্ৰ মুৰ্মূ: বৰ্তমান মুখ্যমন্ত্ৰীৰ দৌৰত থকা আন এটা চৰ্চিত নাম হৈছে CAG গিৰীশ মুৰ্মূ । জম্মু আৰু কাশ্মীৰ পুনৰ গঠন আইন ২০১৯ৰ অধীনত জম্মু আৰু কাশ্মীৰক নতুন কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণাৰ পিচত মুৰ্মূৱে জম্মু আৰু কাশ্মীৰৰ প্ৰথম লেফটেনেণ্ট গভৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল । গিৰীশ চন্দ্ৰ মুৰ্মূৰ জন্ম ১৯৫৯ চনৰ ২১ নৱেম্বৰত ওড়িশাৰ ময়ূৰভঞ্জ জিলাত হৈছিল ৷