অসম

assam

ETV Bharat / politics

প্ৰায় ডেৰ লাখতকৈ অধিক ভোটত তৃতীয়বাৰলৈ নিৰ্বাচিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জয় - LOK SABHA ELECTION RESULTS 2024 - LOK SABHA ELECTION RESULTS 2024

India Lok Sabha election results 2024 : আজি বহু প্ৰতীক্ষিত লোকসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে ৷ উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে হেট্ৰিক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ ডেৰ লাখ ভোটৰ ব্যৱধানত জয়লাভ প্ৰধানমন্ত্ৰীৰ ৷

PM Modi Wins
প্ৰায় ডেৰ লাখতকৈ অধিক ভোটত তৃতীয়বাৰলৈ নিৰ্বাচিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জয় (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 5:27 PM IST

নেশ্যনেল ডেস্ক, 4 জুন :তৃতীয়বাৰৰ বাবেও গাদী দখল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ বাৰাণসী লোকসভা আসনত ১.৫ লাখতকৈও অধিক ভোটত জয়লাভ কৰেদেশৰপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভাৰতীয় নিৰ্বাচন আয়োগে বিয়লি ৪.১১ বজাত ঘোষণা কৰে এই তথ্য ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 6,11,439 টা ভোট লাভ কৰিছে ৷ কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ে 1,52,355 টা ভোটত পৰাস্ত হয় ৷ ভোটগণনাৰ প্ৰথম কেইঘণ্টামানতেই কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ে সমষ্টিটোৰ পৰা 6 হাজাৰতকৈও অধিক ভোটত আগবাঢ়ি আছিল । ইয়াৰ পিচতে সলনি হয় দৃশ্যপট ৷

2019 চনত প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীৰ পৰা 6,74,664 ভোটত জয়ী হৈছিল ৷ য'ত মুঠ ভোটৰ সংখ্যাৰ আছিল 63.62 শতাংশ ৷ তেওঁ সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী শালিনী যাদৱক 4,79,505 টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

ভাৰতৰ ৰাজনীতিত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিচতে নৰেন্দ্ৰ মোদীয়ে একেৰাহে তিনিবাৰকৈ নিৰ্বাচিত হোৱা দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী ।

2024 চনৰ নিৰ্বাচন: 2024 চনৰ নিৰ্বাচনত বাৰাণসী সমষ্টিত মুঠ পঞ্জীভুক্ত ভোটাৰৰ সংখ্যা আছিল 19,97, 578 গৰাকী ৷ ভোটদানৰ হাৰ আছিল 56.49 %। 2024 চনৰ 1 জুনত সপ্তম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল বাৰাণসীত ।

সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছিল বাৰাণসী লোকসভা সমষ্টিত :

2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লোৱাৰ পিচতেই পূব উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা সমষ্টি সৰ্বত্ৰে চৰ্চালৈ আহিছিল । মোদীয়ে 2014 চনত বাৰাণসীৰ পৰা জয়ী হৈছিল ৷ তাৰ পিচতে তেওঁ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল ৷ তাৰ পিচত তেওঁ পুনৰ 2019 চনৰ লোকসভা নিৰ্বাচনত জয়ী হৈ দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হৈছিল ।

এইবাৰো বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদীক বাৰাণসীৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। আনহাতে কংগ্ৰেছে দলৰ সভাপতি অজয় ৰায়ে মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগঢ়াইছিল ৷ উত্তৰ প্ৰদেশৰ এই গুৰুত্বপূৰ্ণ আসনখনত প্ৰধানমন্ত্ৰী মোদী, অজয় ৰায় আৰু বহুজন সমাজ পাৰ্টিৰ (বিএছপি) অথৰ জামাল লাৰীৰ মাজত ত্ৰিকোণীয়া যুঁজ হৈছিল ৷

লগতে পঢ়ক:লোকসভা নিৰ্বাচন 2024 ৰ ফলাফলৰ লাইভ আপডেট: ৰায়বৰেলীত ৰাহুল গান্ধীৰ বৃহৎ জয় - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

...view details