ডিব্ৰুগড়, 1 ছেপ্টেম্বৰ :উপ-নিৰ্বাচনৰ লগতে সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে তৎপৰ হৈছে শাসক দলৰ লগতে আন বিৰোধী ৰাজনৈতিক দলে । প্ৰতিটো ৰাজনৈতিক দলে জিলাই জিলাই আৰম্ভ কৰিছে সাংগঠনিক কাম-কাজ ৷ সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম জাতীয় পৰিষদে সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হৈছে ।
দেওবাৰে চৰাইদেউৰ সাপেখাতীত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ সাংগঠনিক আৰু যোগদান কাৰ্যসূচী । চৰাইদেউ জিলাৰ সাপেখাতী চাৰিআলি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ যোগদান আৰু সাংগঠনিক সভা । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হোৱা দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈক সাপেখাতী চাৰিআলিৰ পৰা শ শ দলীয় কৰ্মীয়ে আদৰি জনায় ।
পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে চৰাইদেউ জিলাখনত প্ৰতিটো পঞ্চায়তত দলটোৰ সাংগঠনিক ভেঁটি কেনেকৈ শক্তিশালী কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হয় এই সভাত । লগতে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈকে ধৰি বহু কেইজন কেন্দ্ৰীয় নেতাৰ উপস্থিতিত বিজেপি, কংগ্ৰেছৰ লগতে বহুকেইটা ছাত্ৰ সংগঠনৰ নেতা-কৰ্মীয়ে এই অনুষ্ঠানত যোগদান কৰে অসম জাতীয় পৰিষদত ।
উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্য সাম্প্ৰতিক পৰিস্থিতিক লৈ অধিক উদ্বেগ প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । সাম্প্ৰতিক পৰিস্থিতিক লৈ ৰাজ্যত বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে । সভাপতিগৰাকীয়ে কয়, ‘‘অসমৰ যি ভয়াবহ পৰিস্থিতি ই অসমৰ জাতীয় জীৱনৰ বাবে অশনি সংকেত নমাই আনিছে । এফালে হিন্দু মুছলমানৰ ৰাজনীতি আনফালে জাতি-জনগোষ্ঠীৰ মাজত বিভাজনৰ ৰাজনীতি কৰিবৰ বাবে চৰকাৰে চিন্তা চৰ্চা কৰিছে । সাম্প্ৰদায়িকতা আৰু বিভাজনৰ ৰাজনীতিৰে মুনাফা অৰ্জনৰ চেষ্টা চলাইছে চৰকাৰে ।’’