অসম

assam

ETV Bharat / politics

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ ৩৮ জন প্ৰাৰ্থীৰ মনোনয়ন দাখিল - Lok Sabha Election 2024

First phase of LS Election : মুঠ 38 জন প্ৰাৰ্থীয়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ আজি অন্তিমটো দিনত 5 টা লোকসভা সমষ্টিত 26 জন প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন ৷

First phase of LS Election
প্ৰথম পৰ্যায়ৰ বাবে ৩৮ জন প্ৰাৰ্থীৰ মনোনয়ন দাখিল

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 7:47 PM IST

Updated : Mar 27, 2024, 9:17 PM IST

গুৱাহাটী, 27 মাৰ্চ :শক্তিশালী বুলি চৰ্চাত থকা শাসকীয় দল বিজেপিৰ কেবাগৰাকী প্ৰাৰ্থীয়ে বুধবাৰে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ৷ যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ, কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰে ৷ ইফালে বিৰোধী দলৰ হৈ কংগ্ৰেছৰ লখিমপুৰৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা, আপৰ ডিব্ৰুগড়ৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ আৰু আপৰ শোণিতপুৰৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যই আজি মনোনয়ন পত্ৰ দাখিল কৰে ৷

যোৰহাটত তপন কুমাৰ গগৈয়ে বৃহৎ সমদলেৰে মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ‌ মহন্ত, ডিব্ৰুগড় লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলী আদিয়ে সংগ দিয়ে ৷ ইফালে শোণিতপুৰতো বৃহৎ ‌সমদল কৰি বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই মনোনয়ন দাখিল কৰে ৷ ৰঞ্জিত দত্তক মনোনয়ন দাখিলৰ সময়ত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংসদ তথা অগপ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, মন্ত্ৰী অশোক সিংহল আদিয়ে সংগ দিয়ে ৷

আনহাতে কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই মনোনয়ন দাখিলৰ সময়ত মন্ত্ৰী জয়ন্ত‌ মল্লবৰুৱা, অগপৰ সভাপতি অতুল বৰাই সংগ দিয়ে ৷ ইফালে বিজেপিৰ প্ৰদান‌ বৰুৱাৰ বিৰুদ্ধে থিয় দিয়া লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই মনোনয়ন দাখিলৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংগ দিয়ে ৷ উল্লেখ্য যে ৰাজ্যত প্ৰথম পৰ্যায়ত যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা, শোণিতপুৰ আৰু লখিমপুৰ লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ আজি আছিল মনোনয়ন দাখিলৰ অন্তিম দিন ৷ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন 30 মাৰ্চ ৷

ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, নগাঁও, লখিমপুৰ লোকসভা সমষ্টিত ভোট গ্ৰহণৰ দিন 19 এপ্ৰিল ধাৰ্য কৰা হৈছে ৷ ইফালে ৰাজ্যিক নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ তথ্য মতে 19 এপ্ৰিলত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হবলগীয়া 5 টা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা আজি মুঠ 26 জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ৷ কাজিৰঙা লোকসভা সমষ্টিৰ বাবে 9 জন, শোণিতপুৰ সমষ্টিৰ বাবে 7 জন, লখিমপুৰ সমষ্টিৰ বাবে 5 জন, ডিব্ৰুগড় সমষ্টিৰ বাবে 1 জন আৰু যোৰহাট লোকসভা সমষ্টিৰ বাবে 4 জনে মনোনয়ন পত্ৰ দাখিল কৰে ৷ ইয়াকে ধৰি মুঠ 38 জন প্ৰাৰ্থীয়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে বুলি ৰাজ্যিক নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে সদৰী কৰিছে ৷

লগতে পঢ়ক :বিশাল সমদলেৰে মনোনয়ন দাখিল বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ - LOK SABHA ELECTION 2024

Last Updated : Mar 27, 2024, 9:17 PM IST

ABOUT THE AUTHOR

...view details