গুৱাহাটী : ৰাসৰ সময়ত বৰাগাঁৱৰ দুৰ্গা মন্দিৰত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনাক লৈ সৰৱ হ'ল আপ, অসম । সোমবাৰে গণেশগুৰিস্থিত আম আদমি পাৰ্টীৰ কাৰ্যালয়ত এই সন্দৰ্ভত আয়োজিত এক সংবাদমেলত দলটোৰ ৰাজ্যিক উপ-সভাপতি অনুৰূপা ডেকাৰজাই বলাৎকাৰৰ অভিযুক্তক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ক্ষিপ্ৰতাৰে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনায় । লগতে, বৰাগাঁৱৰ দুৰ্গা মন্দিৰত সংঘটিত বলাৎকাৰৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ দল-সংগঠনসমূহৰ নিৰ্লিপ্ততাক লৈও প্ৰশ্ন উত্থাপন কৰে অনুৰূপা ডেকাৰজাই ।
ৰাজনৈতিক দল আৰু একাংশ জাতীয় সংগঠনক সমালোচনা কৰাৰ উপৰি স্বয়ং মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ ভূমিকা সন্দৰ্ভত আপৰ নেত্ৰীগৰাকীয়ে কয়, "বৰ্তমানলৈকে শাসনাধিষ্ঠিত বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধানী মহানগৰীত সংঘটিত এই জঘন্য ঘটনাৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । পূৰ্বে অৰ্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যা বা ধিংকাণ্ডক লৈ যিধৰণে তেওঁলোকে নিজৰ স্থিতি প্ৰকাশ কৰিছিল, তেনে কোনো প্ৰতিক্ৰিয়া আমি লক্ষ্য কৰা নাই । ধৰ্মক লৈ ৰাজনীতি কৰা বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ভগৱানৰ মন্দিৰো কলুষিত হৈছে ।"
বিজেপিৰ শাসনকালত ৮ বছৰত ১৮,২৬২ টা বলাৎকাৰৰ ঘটনা