গুৱাহাটী, ২৭ আগষ্ট :‘‘সমগ্ৰ অসমত বিশেষকৈ উজনি অসমত সন্দেহযুক্ত বিদেশীৰ নামত যি মিঞাসকলক খেদি পঠিওৱাৰ লগতে এক বিদ্বেষ সৃষ্টি হৈছে ৷ এই সকলো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্দেশ্য প্ৰণোদিতভাৱে সৃষ্টি কৰিছে । বিগত সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে যিসমূহ উচটনিমূলক মন্তব্য আগবঢ়াই আহিছিল তাৰেই পৰিণতি মিঞা বিদ্বেষ ।’’ এই মন্তব্য অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷
উল্লেখ্য যে, বৰ্তমান অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ চৰম ব্যৰ্থতাৰ বাবে সৃষ্টি হোৱা অৰাজকতা, জংঘলৰাজ তথা ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মঙলবাৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এক সংবাদমেল সম্বোধন কৰে । এই সংবাদমেলতে তেওঁ কেতবোৰ মন্তব্য কৰে ৷
বৰাই কয়, ‘‘ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে শাসনভাৰ গ্ৰহণ কৰিয়েই উচ্ছেদৰ নামত অসমত বুলড’জাৰ চলাই উচ্ছেদক যি এক ধৰ্মীয় ৰহন সানিলে তাৰেই ফল মিঞা বিদ্বেষ । দ্বিতীয়তে, কিছুদিন পূৰ্বে গুৱাহাটীৰ পৰা ছমাহৰ ভিতৰত মিঞা চাফা কৰি দিয়াৰ মন্তব্য কৰি সাধাৰণ ৰাইজক উচটনি দিলে, তাৰেই ফল আজিৰ এই অৰাজক অৱস্থা । তৃতীয়তে, হিন্দু-মুছলমানৰ মাজত মাটি কিনা-বেচাৰ বাবে মুখ্যমন্ত্ৰীৰ পৰা অনুমোদন ল'ব লাগিব বুলি কৰা উদ্ভট মন্তব্য । চতুৰ্থতে, গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ বাবে মুছলমানৰ মালিকীস্বত্ব থকা এখন বিশ্ববিদ্যালয়ৰ বাবে হোৱা বুলি কৰা অদ্ভুত মন্তব্য । পঞ্চমতে, মুখ্যমন্ত্ৰীৰ এখন সংবাদমেলত এগৰাকী মুছলমান সম্প্ৰদায়ৰ সাংবাদিকে তেখেতৰ সমষ্টিত পাহাৰ খননক লৈ কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে সাংবাদিকগৰাকীৰ ধৰ্মৰ নামত যি ব্যক্তিগত আক্ৰমণ কৰিলে তাৰেই ফল আজিৰ এই সামাজিক বৈষম্য । মুঠতে এই সকলোবোৰ মন্তব্যৰে পৰোক্ষ তথা প্ৰত্যক্ষভাৱে অসমত মিঞা বিদ্বেষ সৃষ্টি কৰাত ইন্ধন যোগালে মুখ্যমন্ত্ৰীয়ে ।’’