গুৱাহাটী, ৫ জুন:সংসদত শূন্য হ'ল এ আই ইউ ডি এফ ৷ পৰাজিত হ’ল ধুবুৰীৰ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমল । অভিলেখ ভোটৰ ব্যৱধানত জয়লাভ কৰিলে কংগ্ৰেছৰ ৰকিবুল হুছেইনে । এখন আসনেৰে সংসদীয় ৰাজনীতিত থকা এ আই ইউ ডি এফ দলে সেইখনো হেৰুৱালে ।
অৱশ্যে লোকসভা নিৰ্বাচনৰ এই ফলাফলক তথা দলটোৰ পৰাজয়ক মানি লৈছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰী সমষ্টিৰ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমলে ৷ নিৰ্বাচনী ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে ৰাইজৰ ৰায়ক তেওঁলোকে মানি লৈছে । ভোট দিয়া আৰু নিদিয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰি তেওঁ বৃহৎ ব্যৱধানত জয়ী হোৱা ৰকিবুল হুছেইনক বিশেষভাৱে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ।
ধুবুৰীৰ ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ বাবে ৰকিবুল হুছেইনৰ প্ৰতি আহ্বান জনাই তেওঁ কয় যে সকলো সময়তে এ আই ইউ ডি এফ দল ৰকিবুল হুছেইনৰ লগত আছে ৷ সমষ্টিটোৰ ৰাইজে বহু আশা লৈ ৰকিবুল হুছেইনক ইমান বৃহৎ ভোটত জয়ী কৰালে বুলি মন্তব্য কৰি তেওঁ ৰাইজৰ সেই আশা পূৰণৰ বাবে ৰকিবুল হুছেইনক আহ্বান জনায় ।
আনহাতে পৰাজয়ৰ কাৰণ সন্দৰ্ভত তেওঁ কয় যে এইক্ষেত্ৰত পৰ্যালোচনা কৰিব লাগিব । তাৎক্ষণিক কাৰণ হিচাপে নিজৰ এশ শতাংশ ভুল থকা বুলি তেওঁ স্বীকাৰ কৰে । মূৰত তুলি লোৱা লোকসকলে কিয় ইমান কম ভোট দিলে সেইটো গৱেষণাৰ বিষয় বুলি মন্তব্য কৰি তেওঁ কয় যে এইক্ষেত্ৰত গৱেষণা কৰিব লাগিব । আনহাতে ২০২৬ৰ আগত দলৰ গড্ডাৰসকলক চিনাক্ত কৰিব লাগিব বুলি কৈ বৰাকৰ দুজনক কাৰণ দৰ্শোৱাৰ জাননী দিয়াৰ প্ৰসংগ উল্লেখ কৰে আজমলে ।