নিউজ ডেস্ক, ২২ মে’: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ধনবাদ লোকসভা সমষ্টিৰ চন্দনকিয়ৰীত উপস্থিত হৈ নিৰ্বাচনী সভাত ভাষণ দিয়ে । ইয়াৰ মাজতে তেওঁ আকৌ এবাৰ কয় যে যদি এন ডি এই ৪০০ৰো অধিক আসন পায় তেন্তে তেওঁলোকে কাশী, মথুৰা আৰু জ্ঞানবাপীত মন্দিৰ নিৰ্মাণ কৰিব ।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধনবাদ লোকসভাৰ বিজেপি প্ৰাৰ্থী ধুল্লু মাহাতোৰ সমৰ্থনত ৰাজহুৱা সভাত ভাষণ দি ৰাইজক তেওঁৰ পক্ষত ভোট দিবলৈ আহ্বান জনায় । তেওঁ কয় যে ২০১৯ চনত আপোনালোকে এন ডি এক ৩০৩খন আসন দিছিল, সংখ্যা গৰিষ্ঠতাৰ ক্ষমতাতহে অযোধ্যাত ৰামলালাৰ এটা মন্দিৰ নিৰ্মাণ কৰিব পৰা গ’ল । কাশ্মীৰৰ পৰা আঁতৰাব পৰা গ’ল অনুচ্ছেদ ৩৭০ । সংখ্যাগৰিষ্ঠতাৰ ক্ষমতাৰ দ্বাৰাহে আন দেশত নিৰ্যাতিত হিন্দুসকলক নিজৰ দেশৰ নাগৰিকত্ব দিয়া হৈছে ।
লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্য কামনা কংগ্ৰেছ নেতা পৱন খেড়াৰ; কিন্তু কিয় ? - Congress On Himanta Sarma