অসম

assam

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 4:22 PM IST

ETV Bharat / politics

কংগ্ৰেছৰ একাউণ্ট ফ্ৰীজ, বিজেপিক তীব্ৰ কটাক্ষ ছোনিয়া গান্ধীৰ - Congress account frozen

Congress account frozen: লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে দেশত ৰাজনৈতিক দলবোৰ সক্ৰিয় হৈ পৰিছে । কিন্তু এনে সময়তে কংগ্ৰেছ দলৰ একাউণ্ট ফ্ৰীজ কৰা বিষয়টোৱে দেশজুৰি চৰ্চা লাভ কৰিছে । বিজেপি চৰকাৰে একাউণ্টবোৰ ফ্ৰীজ কৰি দলটোক দুৰ্বল কৰাৰ প্ৰচেষ্টা চলাইছে বুলি অভিযোগ কৰিছে কংগ্ৰেছ নেতাসকলে ।

Congress account frozen
কংগ্ৰেছৰ একাউণ্ট ফ্ৰীজ, বিজেপিক তীব্ৰ কটাক্ষ ছোনিয়া গান্ধীৰ

নেশ্যনেল ডেস্ক,২১ মাৰ্চ :লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলক আৰ্থিকভাৱে পঙ্গু কৰাৰ বাবে প্ৰণালীবদ্ধ প্ৰচেষ্টা চলাইছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে । এই অভিযোগ কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন অধ্যক্ষ ছোনিয়া গান্ধীৰ ।

ছোনিয়া গান্ধীৰ মতে একাউণ্ট ফ্ৰীজ কৰাৰ বিষয়টো অত্যন্ত গুৰুতৰ আৰু বিষয়টোৱে কেৱল কংগ্ৰেছেই নহয় সমগ্ৰ গণতন্ত্ৰক প্ৰভাৱিত কৰে । বিজেপিক আক্ৰমণ কৰি কয় যে কংগ্ৰেছৰ একাউণ্টৰ পৰা ধন বলপূৰ্বকভাৱে কাঢ়ি লোৱা হৈছে ।

অৱশ্যে ছোনিয়া গান্ধীয়ে দাবী কৰিছে যে এনেধৰণৰ প্ৰত্যাহ্বানৰ পিচতো কংগ্ৰেছ দলে নিৰ্বাচনী অভিযানৰ কাৰ্যকৰীতা বজাই ৰখাৰ বাবে যথাসাধ্য চেষ্টা কৰি আছে । গান্ধীৰ মতে এফালে নিৰ্বাচনী বণ্ডৰ বিষয়টো আছে আৰু আনফালে মুখ্য বিৰোধী দলটো বিত্তীয় আক্ৰমণৰ সন্মুখীন হৈছে ।

ইয়াৰ উপৰিও কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে দলটোৰ ফ্ৰীজ বেংক একাউণ্ট সন্দৰ্ভত কয় যে কংগ্ৰেছৰ সকলো একাউণ্ট ফ্ৰীজ হোৱাৰ পিচত কংগ্ৰেছে প্ৰচাৰৰ কাম কৰিব নোৱাৰে । মোদী নেতৃত্বাধীন চৰকাৰক দোষাৰোপ কৰি তেওঁ কয় যে বিজেপিৰ নিৰ্বাচনত যুঁজ দিয়াৰ সামৰ্থ্য নাই । প্ৰধানমন্ত্ৰী আৰু গৃহ মন্ত্ৰীয়ে কংগ্ৰেছৰ বিৰুদ্ধে অপৰাধমূলক পদক্ষেপ লৈছে বুলি তেওঁ অভিযোগ কৰে । তেওঁৰ মতে এয়া কংগ্ৰেছৰ বেংক একাউণ্ট ফ্ৰীজ কৰা নহয়; এইটো ভাৰতীয় গণতন্ত্ৰৰ ফ্ৰীজ কৰা প্ৰক্ৰিয়া ।

কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেও দলটোৰ একাউণ্ট ফ্ৰীজ কৰা বিষয়ত বিজেপিক তীব্ৰ সমালোচনা কৰে । তেওঁৰ মতে নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাটো অত্যাৱশ্যকীয় আৰু ইয়াত এক সমান খেলপথাৰ থাকিব লাগে । সেয়েহে, ক্ষমতাত থকাসকলৰ সম্পদৰ ওপৰত একচেটিয়া অধিকাৰ থাকিব নালাগে । ক্ষমতাত থকা দলটোৱে নিৰ্বাচনী বণ্ডৰ জৰিয়তে পুঁজি সংগ্ৰহ কৰিছিল আৰু কংগ্ৰেছৰ একাউণ্টবোৰ ফ্ৰীজ কৰি নিৰ্বাচনত কংগ্ৰেছৰ বাবে বাধা সৃষ্টি কৰিছে বুলি খাৰ্গেয়ে অভিযোগ কৰে ।

লগতে পঢ়ক :ইডিৰ অভিযানৰ‌ পিছত কোম্পানীয়ে নিৰ্বাচনী বণ্ড ক্ৰয় কৰি বিজেপিক ধন দিয়ে :জীতেন্দ্ৰ সিং

ABOUT THE AUTHOR

...view details