সৰ্বানন্দ সোণোৱালৰ সৈতে ই টিভি ভাৰতৰ সাক্ষাৎকাৰ ডিব্ৰুগড়, ১০ এপ্ৰিল : তুংগত উঠিছে অসমৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰচাৰ অভিযান ৷ অহা ১৯ এপ্ৰিলত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমত অনুষ্ঠিত হ’ব ৫টাকৈ সমষ্টিত ভোটগ্ৰহণ । তাৰ ভিতৰত সকলোৰে দৃষ্টি নিবদ্ধ আছে ডিব্ৰুগড় সমষ্টিৰ ওপৰত ৷
কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সমষ্টিটোৰ বিজেপিৰ হাই প্ৰফাইল প্ৰাৰ্থী ৷ সোণোৱালৰ বিপৰীতে সমষ্টিটোত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ ৷ দুয়োজনেই সমষ্টিটোত অব্যাহত ৰাখিছে ব্যাপক প্ৰচাৰ অভিযান ।
ডিব্ৰুগড়ত কিদৰে নিৰ্বাচনৰ প্ৰচাৰ চলাইছে সৰ্বানন্দ সোণোৱালে ? CAAৰ বিৰুদ্ধাচৰণ আজি অসমত প্ৰাংসগিক হৈ আছেনে ? CAA বিৰোধী আন্দোলনৰ বিষয়ে কি কয় সৰ্বানন্দ সোণোৱালে ? CAA আন্দোলনত অসমত ৫ জন শ্বহীদ হ’বলগীয়া হ’ল । তাৰ বাবে জগৰীয়া কোন ?
ডিব্ৰুগড়লৈ ৰাহুল গান্ধী আহিব কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ ৷ ৰাহুল গান্ধীৰ অসম আগমনক লৈ কি ক’লে সৰ্বানন্দ সোণোৱালে ? কেন্দ্ৰীয় ৰাজনীতিতেই থাকিব নেকি সৰ্বানন্দ সোণোৱাল ? নে কেতিয়াবা আকৌ অসমৰ ৰাজনীতিলৈ ঘূৰি আহিব ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেনে সম্পৰ্ক সৰ্বানন্দ সোণোৱালৰ ?
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী হৈ অসমৰ বাবে কি কি কাম কৰিলে তেওঁ ? মূল্যবোধৰ ৰাজনীতি বনাম ব্যক্তিগত আক্ৰমণ সন্দৰ্ভত কি কয় সোণোৱালে ? বিজেপিৰ বিৰুদ্ধে গণতন্ত্ৰক মষিমূৰ কৰাৰ অভিযোগ উত্থাপিত হৈ থাকে ৷ এই কথাক সোণোৱালে কেনেকৈ নস্যাৎ কৰিলে ?
UCC কাৰ্যকৰী কৰিলে অসমৰ সাংস্কৃতিক বৈচিত্ৰৰ কি হ’ব ? অসমৰ চাহ শ্ৰমিকৰ মজুৰী এতিয়াও কিয় ইমান কম ? চাহ শ্ৰমিকৰ হৈ কি কি কাম কৰিলে বিজেপিয়ে ?
লগতে পঢ়ক:কাজিৰঙাত কি ভূমিকা ল'ব সংখ্যালঘু আৰু চাহ বাগিচাৰ ভোটাৰে ?