ডিব্ৰুগড়, ২১ মাৰ্চ : লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে প্ৰচাৰ তুংগত কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলে । ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় হৈ উঠিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ । ডিব্ৰুগড় লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন কৰি শাসক দল বিজেপিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । লগতে আপে ডিব্ৰুগড়ত মনোজ ধানোৱাৰক প্ৰাৰ্থিত্ব দি প্ৰচাৰ অব্যাহত ৰাখিছে । প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ ডিব্ৰুগড়ৰ বিজেপি কৰ্মীসকল অতি উৎসাহী যদিও সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে নিজৰ জনগোষ্ঠীয় সংগঠনে আৰম্ভ কৰিছে বিদ্ৰোহ ।
নিৰ্বাচনৰ প্ৰাকক্ষণত সৰ্বানন্দ সোণোৱালৰ ব্যৰ্থতাক লৈ সৰৱ সোণোৱাল কছাৰী গণ মঞ্চ । ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ থকা সময়তে সৰ্বানন্দ সোণোৱালে সোণোৱাল কছাৰী ৰাইজৰ বাবে কোনো ধৰণৰ কাম নকৰাৰ অভিযোগ । জনগোষ্ঠীটোৰ বাবে যি উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তাক কাৰ্যকৰী নকৰাৰ অভিযোগ ।