তেজপুৰ, ১ মাৰ্চ : লোকসভা নিবাৰ্চনৰ দিন চমু চাপি আহিছে ৷ মাৰ্চৰ দ্বিতীয় সপ্তাহতে নিবাৰ্চনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ ৰাজনৈতিক দল আৰু বিভিন্ন মহলে ধাৰণা কৰিছে যে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ৰঙালী বিহুৰ পূৰ্বেই অনুষ্ঠিত হ’ব নিবাৰ্চন ৷ স্বাভাৱিকতে ইয়াকে লৈ তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত ৷ বিজেপি আৰু আপৰ প্ৰাৰ্থিত্বৰ তালিকাও ইতিমধ্যে প্ৰস্তুত হৈছে ।
শাসকীয় দল বিজেপিয়ে দলীয় কাৰ্যালয় আৰু লোকসভা সমষ্টি ভিত্তিত নিবাৰ্চনী কাযাৰ্লয়ৰ শুভাৰম্ভণী কৰাৰ লগতে বিভিন্ন সভা সমিতি, কাৰ্যকৰ্তা সন্মিলন আদি আয়োজন কৰিছে ৷ নিবাৰ্চনক লৈ দলটোৰ তৎপৰতা বৃদ্ধি পালেও দলীয় প্ৰাৰ্থীৰ আনুষ্ঠানিক ঘোষণা বাকী আছে ।
শুকুৰবাৰে তেজপুৰৰ চানমাৰীত লোকসভা নিবাৰ্চনৰ বাবে বিজেপিৰ কাৰ্যালয় মুকলি কৰা হয় । শোণিতপুৰত পূৰ্বৰ নিৰ্বাচনৰ তুলনাত ১০ গুণ ভোটাৰ বৃদ্ধি হৈছে ৷ সেয়েহে সমষ্টিটো বিজেপিৰ দখলত থাকিব বুলি এক প্ৰকাৰ নিশ্চিত শাসকীয় দল ৷ অৱশ্যে পূৰ্বতে বিভিন্ন মহলত চলা চৰ্চা অনুসৰি এইবাৰ শোণিতপুৰ সমষ্টিৰ প্ৰাৰ্থী আশ্বৰ্যজনকভাৱে সলনি হোৱাৰ সম্ভাৱনা আছে ৷
বৰ্তমানৰ সাংসদ পল্লৱ লোচন দাসে পুনৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা বিৰত থাকিব আৰু প্ৰাৰ্থিত্বৰ বাবে প্ৰায় নিশ্চিত প্ৰাক্তন মন্ত্ৰী বিহালীৰ বিধায়ক তথা বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিৎ দত্ত ৷ দত্তৰ প্ৰাৰ্থিত্ব ঘোষণাৰ পিচত বিজেপিৰ ভিতৰচ’ৰাত দুটা জনগোষ্ঠীৰ মাজত বিভাজন হোৱাৰ সম্ভাৱনা আছে নেকি এই লৈ এতিয়া এক চর্চা চলিছে ৷