গুৱাহাটী, ২৮ মাৰ্চ:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ভিডিঅ’ পোষ্টক লৈ সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সামাজিক মাধ্যমত আপলোড কৰা ভিডিঅ’ৰ পোষ্টটোৰ কেপশ্যনত মুখ্যমন্ত্ৰীয়ে লিখা কথাখিনি এনেধৰণৰ- ‘‘ দৰা হ'ব কোন ? যদি আপুনি জানে, তেন্তে আপুনি বিজ্ঞ । दूल्हा बनेगा कौन? If you know, you know.’’ এইখিনি কথাৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ভিডিঅ'টো নিজৰ ফেচবুক পেজত আপলোড কৰিছে ।
মুখ্যমন্ত্ৰীৰ পোষ্টটো নিৰ্বাচনকেন্দ্ৰিক যদিও ইয়াত বিৰোধী দলক ব্যংগাত্মক ৰূপত দাঙি ধৰা হৈছে । ২ মিনিট ২২ ছেকেণ্ডৰ ভিডিঅ'টোত প্ৰতীকি ৰূপত বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতৃত্বক ‘দৰা’ কোন হ’ব তাক লৈ খোৱা-কামোৰা কৰাটো প্ৰকাশ কৰা হৈছে ।
বিশেষকৈ ইণ্ডি এলায়েন্সৰ নেতৃত্বৰ মাজত ক্ষমতাকেন্দ্ৰিক সংঘাতৰ স্বৰূপটো দেখুৱাবলৈ গৈ কইনা চাবলৈ যোৱাৰ এটা পৰিৱেশ ভিডিঅ'টোত দাঙি ধৰা হৈছে । য’ত কইনা চাবলৈ আহি ‘দৰা’ কোন হ'ব তাক লৈ কাজিয়াত লিপ্ত হোৱা দেখুওৱা হৈছে ।
ভিডিঅ'টোৰ শেষত কোৱা হৈছে যে ‘খানদানী লুটেৰাৰ চেষ্টা বিফল হ’ব, এইবাৰ পাৰ হ’ব চাৰিশ’ । এক কথাত অতি দৃষ্টিকটুভাৱে বিষয়টো উপস্থাপন কৰা হৈছে । বিৰোধীক সমালোচনা কৰিবলৈ গৈ এনেদৰে প্ৰস্তুত কৰা নিম্নমানসম্পন্ন ভিডিঅ’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপলোড কৰাক লৈ বহুজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।
মুখ্যমন্ত্ৰীৰ পেজতে বহুজনে কমেণ্ট কৰি কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে নিন্দা কৰিছে । এজনে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে মুখ্যমন্ত্ৰী এজনে টুলুঙা ভিডিঅ’ প্ৰচাৰ কৰাটো ভাল নেদেখি । আন এজনে নিজৰ প্ৰতিক্ৰিয়াত কয়- ‘‘আচৰিত হোৱা নাই । এনেকুৱা তৰল কথাই আশা কৰোঁ আজিকালি বিজেপিৰ নেতাৰ পৰা ।’’
মুখ্যমন্ত্ৰীৰ পোষ্টটোৰ বিপৰীতে কৰা কেইটামান প্ৰতিক্ৰিয়া এনেধৰণৰ-‘‘অতি তলখাপৰ প্ৰচাৰ, লজ্জাজনক প্ৰচাৰ । এখন ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীৰ পৰা এনে নিম্ন ৰুচিৰ প্ৰচাৰ দেখিবলৈ পোৱাটো আমাৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক ! ধিক্কাৰ । আপোনালোকে অনাগত দিনবোৰত কি কি কাম কৰিব বিচাৰে আৰু কি কি কাম কৰিলে সেইবোৰক প্ৰচাৰ কৰক । ভাৰতীয় ৰাজনীতিৰ পথাৰখনক গেলাই নিদিব ।’’
আন একাংশই লিখিছে- ‘‘ইমান নিম্নমানৰ প্ৰচাৰ শোভা নাপায় ডাঙৰীয়া । অৱশ্যে আপোনাৰ দোষ নাই । যি দলৰ যেনে মানসিকতা আৰু সংস্কাৰ ....., আৰু লাগে, আমি এইবোৰেই ভাল পাওঁ । আচলতে আমি এইবোৰৰে যোগ্য । কাৰো হাতত উপযুক্ত এজেণ্ডা, Issues নাই । বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ সাধাৰণ নিৰ্বাচনত প্ৰচাৰৰ নামত কেৱল আৰু কেৱল ব্যক্তিগত আক্ৰমণ, Character assassination, memes আদি ৷ ধন্য দেশৰ নাগৰিক, ধন্য জীৱন !!’’
আন বহুতে কমেন্ট ছেকশ্যনত লিখিছে, ‘‘এগৰাকী মুখ্যমন্ত্ৰীৰ পেজৰ পৰা এনে খুহুতীয়া ভিডিঅ' দিয়াটো খুব ভাল লক্ষণ নহয় । আপোনাৰ আগতো দুজন মুখ্যমন্ত্ৰী অসমত দেখিছোঁ । প্ৰয়াত তৰুণ গগৈ দেৱ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপোনাৰ দৰে চেলেপু, পেংলাই কৰা, চঞ্চল মুখ্যমন্ত্ৰী নাছিল । আপোনাক কিবা পিয়াঁজ, ৰূপজ্যোতি, জয়ন্ত, পৱিত্ৰ, অশোক, ভৱেশহঁতৰ চৰ্দাৰ যেনহে লাগে, মুখ্যমন্ত্ৰী কম ।’’
‘‘ কোনোদিন একো লিখা নাই মই, বেয়া নাপাব আপুনি এজন মীমাৰৰ দৰে কাম কৰিলে এইটো পোষ্ট দি । আপুনি এখন ৰাজ্যৰ মুৰব্বী । ইমান নীচ কাম ভাল নালাগিল । আপুনিও এজন দৰাক Side কৰি দৰা হৈছিল । পিছে এজন মুখ্যমন্ত্ৰীৰ এনে পোষ্ট দেখি লজ্জা অনুভৱ কৰিছো ।’’
এনেদৰে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীক সমালোচনাৰে থকা-সৰকা কৰিছে সামাজিক মাধ্যমত ।
লগতে পঢ়ক:ফেচবুকত কোন আগবাঢ়ি আছে প্ৰচাৰত ? সৰ্বানন্দ সোণোৱাল নে লুৰীণজ্যোতি ? গৌৰৱ নে তপন কুমাৰ গগৈ ?