গোলাঘাট, 22 জানুৱাৰী :গোলাঘাট জিলাৰ আছু কাৰ্যালয়ত দেওবাৰে নিশা আৰক্ষীৰ দলৰ লগতে আছু কৰ্মীৰ ভিৰ ৷ আছুৰ কেন্দ্ৰীয় উপ-সভাপতি অভিবৰ্তন গোস্বামীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৷ গোলাঘাট আছুৰ জিলা সভাপতি-সম্পাদকদ্বয় গীতাৰ্থ শইকীয়া আৰু বিশ্বজিৎ গগৈক কেন্দ্ৰীয় সমিতিয়ে এবছৰৰ বাবে দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ পাচতেই উদ্ভৱ হৈছে এই উত্তপ্ত পৰিস্থিতিৰ ৷ দেওবাৰে নিশা দুইগৰাকী নেতা গোলাঘাট আছু কাৰ্যালয়ত উপস্থিত হোৱাৰ পাচতে শ শ আছু কৰ্মীয়ে জিন্দাবাদ ধ্বনিৰে দুয়োজনক শ্বহীদ ভৱনলৈ আদৰি নিয়ে ৷
ইফালে বহিস্কৃত নেতা বিশ্বজিৎ গগৈ আৰু গীতাৰ্থ শইকীয়াই আছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অভিবৰ্তন গোস্বামীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, অভিবৰ্তন গোস্বামীৰ নিৰ্দেশতহে মন্ত্ৰী অতুল বৰা আৰু বিধায়ক বিশ্বজিৎ ফুকনক নিমন্ত্ৰণ জনাইছিল । মাঘ বিহুৰ উৰুকাৰ দিনটোত ভোজ খাবলৈ অভিবৰ্তন গোস্বামীয়ে বিধায়ক বিশ্বজিৎ ফুকনক কেইবাৰো ফোন কৰিছিল ৷