নেশ্যনেল ডেস্ক,২৪ ফেব্ৰুৱাৰী :লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ আসন-ভাটোৱাৰাক লৈ বিভিন্ন বিতৰ্ক অব্যাহত আছে । তাৰ মাজতে মিত্ৰজোঁটৰ অংশ আম আদমি পাৰ্টী আৰু কংগ্ৰেছৰ মাজত আসন ভাগ-বটোৱাৰাৰ ছবিখন প্ৰায় স্পষ্ট হৈছে । দিল্লীকে ধৰি আন ৰাজ্যসমূহত দুয়োটা দলৰ আসন ভাগ-বটোৱাৰাৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে । দুয়োটা দলৰ নেতাই দিল্লীৰ সংবিধান ক্লাবত এক যুটীয়া সংবাদমেল অনুষ্ঠিত কৰি এই তথ্য প্ৰকাশ কৰিছে ।
সূত্ৰৰ খবৰৰ ভিত্তিত ইয়াৰ পূৰ্বে ইটিভি ভাৰতে বাতৰি প্ৰকাশ কৰিছিল আৰু সেয়াই কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ নেতাসকলে সংবাদমেলত প্ৰকাশ কৰিছে । এই সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছ নেতা মুকুল ৱাছনিকে কয় যে দিল্লীত আম আদমি পাৰ্টীয়ে ৪ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব । নতুন দিল্লী, পশ্চিম দিল্লী, পূব দিল্লী আৰু দক্ষিণ দিল্লী আৰু কংগ্ৰেছে চান্দনী চক, উত্তৰ পশ্চিম আৰু উত্তৰ-পূব দিল্লী আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ।
পাঞ্জাবত দুয়োটা দলে আটাইকেইখন আসন অৰ্থাৎ ১৩ খন আসনতে তেওঁলোকৰ প্ৰাৰ্থী প্ৰদান কৰিব আৰু পৃথকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱা হৈছে । ইয়াৰ উপৰিও, আম আদমি পাৰ্টীয়ে গুজৰাট ভাৰুচ আৰু ভাৱনগৰৰ দুখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু কংগ্ৰেছে বাকী ২৪ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব । একেদৰে, হাৰিয়ানাত, কংগ্ৰেছে ৯ খন আসনত আৰু আম আদমি পাৰ্টীয়ে এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে । আনহাতে, কংগ্ৰেছে চণ্ডিগড় লোকসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু কংগ্ৰেছে গোৱাৰ দুয়োখন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব ।