অসম

assam

ETV Bharat / politics

উচ্ছেদৰ ভিডিঅ' প্ৰদৰ্শনেৰে ৰকিবুলৰ প্ৰচাৰ; পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়েই মূল ইছ্যু বিজেপিৰ

Samaguri Bypoll : চামগুৰিত ক্ৰমাৎ তুংগত উঠিছে কংগ্ৰেছ-বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ । সমষ্টিটো দখলৰ বাবে তৎপৰ কংগ্ৰেছ-বিজেপি নেতৃত্ব । একালৰ বন্ধু-পুত্ৰৰ বিৰুদ্ধে কেতিয়া নামিব মুখ্যমন্ত্ৰী ?

Samaguri Bypoll
চামগুৰি উপ-নিৰ্বাচনৰ প্ৰচাৰ তুংগত (ETB Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

নগাঁও :ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পাচতেই সমষ্টিকেইটাৰ উপ-নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহে তৎপৰতা আৰম্ভ কৰিছে । অৱশ্যে সম্প্ৰতি পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত অধিক আকৰ্ষণীয় হৈ পৰিছে চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন ।

সুদীৰ্ঘকাল কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ দখলত থকা চামগুৰি সমষ্টি এইবাৰ উপ-নিৰ্বাচনত দখল কৰিবলৈ উঠি-পৰি লাগিছে শাসকীয় দল বিজেপি । বিগত পাঁচটাকৈ নিৰ্বাচনত একেৰাহে জয়লাভ কৰি বিধানসভালৈ নিৰ্বাচিত হৈ তৰুণ গগৈ মন্ত্ৰীসভাৰ তিনিটাকৈ কাৰ্যকালত গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰা ৰকিবুল হুছেইন বিগত লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় । ইয়াৰ পাচত ৰকিবুল হুছেইনৰেই পুত্ৰ তাঞ্জিল হুছেইনক কংগ্ৰেছ দলে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰি কংগ্ৰেছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ।

চামগুৰি উপ-নিৰ্বাচনৰ প্ৰচাৰ তুংগত (ETB Bharat Assam)

ইয়াৰ বিপৰীতে বিজেপি দলেও ইতিমধ্যে বিজেপি নেতা ডিপ্লুৰঞ্জন শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰি সমষ্টিটোৰ চুকে-কোণে চলাইছে নিৰ্বাচনী প্ৰচাৰ । দুয়োটা দলেই ভিন্ন ইছ্যু লৈ কাষ চাপিছে সমষ্টিটোৰ ভোটাৰ ৰাইজৰ ।

বিজেপিৰ মূল ইছ্যু

পূৰ্বে ৰকিবুল হুছেইনৰ পিতৃ নুৰুল হুছেইনেও প্ৰতিনিধিত্ব কৰা চামগুৰি সমষ্টিত ২০০১ চনৰ পৰা ২০২৪ চনলৈকে ৰকিবুল হুছেইন একেৰাহে পাঁচটাকৈ বিধানসভা নিৰ্বাচনত নিৰ্বাচিত হৈছিল । এইবাৰ উপ-নিৰ্বাচনত ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান সন্দৰ্ভত চৰ্চা আৰম্ভ হোৱাৰ পাচৰ পৰাই ৰকিবুল হুছেইনৰ বিৰুদ্ধে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে শাসকীয় দল বিজেপিয়ে ।

অৱশেষত কংগ্ৰেছ দলৰ নেতৃত্বই ৰকিবুল-পুত্ৰ তাঞ্জিল হুছেইনকে সমষ্টিটোৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পাচত এতিয়া সমষ্টিটোত ৰকিবুল হুছেইনৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিকেই মূল ইছ্যু হিচাপে লৈ ব্যাপক প্ৰচাৰ আৰম্ভ কৰিছে বিজেপিয়ে ।

সমষ্টিটোত বিজেপি বিধায়ক জিতু গোস্বামীৰ লগতে দলটোৰ নেতা-মন্ত্ৰীয়ে ৰকিবুলৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ লগতে বিগত সময়ত সমষ্টিটোত একনায়কত্ববাদ চলোৱাৰো অভিযোগ তুলি ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । প্ৰায়বোৰ সভা-সমিতিতেই বিজেপিৰ আন নেতাসকলৰ লগতে দলটোৰ প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মাই কৰি আহিছে কেইবাটাও অভিযোগ ।

"ৰকিবুল হুছেইন মন্ত্ৰী হৈ থকা সময়ত চামগুৰি সমষ্টিত অন্য কোনো দলৰ নেতাকে প্ৰৱেশ কৰিবলৈ দিয়া নাছিল । ৰকিবুল হুছেইনৰ প্ৰত্যক্ষ নিৰ্দেশত আন দলৰ নেতাৰ ওপৰত চলিছিল নিৰ্যাতন । ৰকিবুল হুছেইনৰ স্বেচ্ছাচাৰিতা আৰু পৰিয়ালবাদ, সংখ্যালঘুৰ নামত জাতিদ্ৰোহী ৰাজনীতিৰ বিৰুদ্ধে চামগুৰিৰ হিন্দু-মুছলমান সকলো ধৰ্মৰ লোক মুক্তভাৱে ওলাই আহিছে ।" এনে প্ৰচাৰেৰেই ৰকিবুল হুছেইনৰ বিৰুদ্ধে ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপিৰ প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মাৰ লগতে দলটোৰ আন নেতাসকলেও ।

কংগ্ৰেছৰ ইছ্যু

বিগত সময়ত অসমৰ মিঞা সম্প্ৰদায়ক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰি অহা মন্তব্যৰ ভিডিঅ' প্ৰতিখন সভাতে প্ৰদৰ্শন কৰি চামগুৰি সমষ্টিৰ সংখ্যালঘু ভোটাৰক বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতি আকৃষ্ট কৰাৰ কৌশল হাতত লৈছে ৰকিবুল হুছেইনে । সুদীৰ্ঘ সময় নিজৰ দখলত থকা সমষ্টিটোৰ পৰা দলীয় প্ৰাৰ্থী তথা নিজপুত্ৰক প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰাবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰখা ৰকিবুল হুছেইনে বিজেপি চৰকাৰৰ দিনত হোৱা উচ্ছেদৰ ভিডিঅ'ও বিভিন্ন সভাই-সমিতিয়ে প্ৰদৰ্শন কৰি অব্যাহত ৰাখিছে ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা ।

কেৱল ৰকিবুল হুছেইনেই নহয়, সমষ্টিটোৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনক বিজয়ী কৰোৱাৰ উদ্দেশ্যে ভূপেন বৰা, ৰিপুণ বৰাৰ পৰা গৌৰৱ গগৈলৈকে প্ৰায় সকলো নেতা নামি পৰিছে চামগুৰিৰ উপ-নিৰ্বাচনত । আনহাতে, চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰি এ আই ইউ ডি এফ দলে ধুবুৰীৰ পৰাজয়ৰ পোটক তুলিব বুলি ব্যাপক চৰ্চা হৈছে যদিও আজি পৰ্যন্ত চামগুৰিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নামেই ঘোষণা কৰা নাই দলটোৱে ।

ৰাজ্যত হ'বলগীয়া আন চাৰি সমষ্টিৰ তুলনাত যেন আটাইতকৈ হাইভল্টেজ প্ৰচাৰ আৰম্ভ হৈছে চামগুৰি সমষ্টিত । চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰত কংগ্ৰেছ-বিজেপি দুয়োটা দলৰেই বহু হাইপ্ৰফাইল নেতা প্ৰচাৰত নামি পৰিছে যদিও একালৰ অতি ঘনিষ্ঠ বন্ধুৰ পুত্ৰৰ বিৰুদ্ধে এই পৰ্যন্ত প্ৰচাৰৰ বাবে চামগুৰিত উপস্থিত হোৱা নাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । চামগুৰি উপ-নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ প্ৰচাৰো হ'ব যথেষ্ট লক্ষণীয় ।

লগতে পঢ়ক :বিৰোধীৰ কেইজনমান নেতাই অসমৰ উন্নতি নিবিচাৰে: ভৱেশ কলিতা
লগতে পঢ়ক :ৰণক্ষেত্ৰ বিহালীত গৌৰৱ গগৈ-ভূপেন বৰাৰ যুঁজত অচল বিৰোধীৰ সন্মিলিত মৰ্চা !

ABOUT THE AUTHOR

...view details