গুৱাহাটী, ১১ এপ্ৰিল:সলনি হ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী । পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ৰাহুল গান্ধী ১৭ এপ্ৰিলত অসমলৈ অহাৰ কথা আছিল । ৰাহুল গান্ধীয়ে ১৭ এপ্ৰিলত যোৰহাট আৰু ডিব্ৰুগড়ত দুখন জনসভাত অংশগ্ৰহণ কৰাৰ কথা আছিল । যোৰহাটত কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সমৰ্থনত পুৱা ১১ বজাৰ পৰা নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰাৰ পিচতে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ হৈ ডিব্ৰুগড়ত দিনৰ ১ বজাত প্ৰচাৰ চলোৱাৰ কথা আছিল ৰাহুল গান্ধীয়ে ।
ৰাহুল গান্ধীয়ে দুটাকৈ সমষ্টিৰ দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰাৰ কথা আছিল যদিও সেই কাৰ্যসূচী বাতিল কৰা হয় । দলীয় সূত্ৰে জানিব পৰা মতে ১৭ এপ্ৰিলৰ পৰিৱৰ্তে ৰাহুল গান্ধী ২০ এপ্ৰিলত অসমলৈ আহিব । ২০ এপ্ৰিলত ৰাহুল গান্ধীয়ে নগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ চলাব । অৰ্থাৎ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাহুল গান্ধী প্ৰচাৰ চলাবলৈ নাহে ।
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰহে বাবে প্ৰচাৰ চলাবলৈ আহিব ৰাহুল গান্ধী ৷ উল্লেখ্য যে ১৯ এপ্ৰিলত যোৰহাট, লখিমপুৰ, ডিব্ৰুগড়, শোণিতপুৰ আৰু কাজিৰঙাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । আনহাতে ২৬ এপ্ৰিলত নগাঁও, শিলচৰ, কৰিমগঞ্জ, ডিফু আৰু দৰং-ওদালগুৰিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ।
লক্ষ্যণীয় বিষয় যে ১৬ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ব'হাগ বিহুৰ উখল-মাখল পৰিৱেশৰ মাজতেই অসমত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ১৬ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।
বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ বৰকুৰাৰ বিদাঞ্চল খেলপথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ এপ্ৰিলত বিশাল নিৰ্বাচনী জনসভা সম্বোধন কৰিব । প্ৰধানমন্ত্ৰীৰ উক্ত সভাত দুই লক্ষাধিক লোকৰ সমাগম হ'ব বুলি ধাৰণা কৰা হৈছে । উল্লেখ্য যে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিচত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে নলবাৰীত নিৰ্বাচনী সভা সম্বোধন কৰিব । ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ এই আগমনৰ বাবে দলীয় নেতা-কৰ্মীসকলে পূৰ্ণোদ্যমে প্ৰস্তুতি চলাইছে ।