গুৱাহাটী, ২২ জানুৱাৰী : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই মঙলবাৰে গুৱাহাটীত প্ৰৱেশ কৰিব । চৰকাৰী পক্ষৰ বিভিন্ন বাধাৰ পিচত গুৱাহাটীৰ মাজ-মজিয়াৰে নগৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যাব ৰাহুল গান্ধী । ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই পুৱা ৮ বজাত ইউ এচ টি এমলৈ যাব ।
তাতে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰি পোনে পোনে আহি খানাপাৰা কইনাধৰা পাহাৰৰ ওচৰত ৰখিব আৰু ইয়াৰ পিচত বশিষ্ঠ হৈ বেহাৰবাৰী হৈ এই যাত্ৰা ওলাই যাব বুলি সংবাদ মাধ্যমৰ আগত জনায় কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে । তেওঁ কয় গুৱাহাটী মাজমজিয়াৰে ভাৰত জোড়ো ন্যায় যাত্ৰা যোৱাত চৰকাৰে বাধা প্ৰদান কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ হৈ এই যাত্ৰা ওলাই যাব ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে দেওবাৰে সংবাদমেলত গুৱাহাটীৰ ভিতৰেৰে ভাৰত জোড়ো ন্যায় যাত্ৰা গ'লে কাৰ্যসূচীৰ ভাবপ্ৰাপ্ত দায়িত্বত থকাসকলৰ ওপৰত গোচৰ ৰুজু কৰা হ'ব হুংকাৰ দিছিল ৷ শাসক দলৰ সভাপতি জে পি নাড্ডাৰ ক্ষেত্ৰত ফুটপাথত মানুহ সমবেত হৈ থাকিলেও তেওঁ সমদল যাত্ৰা কৰা নাছিল আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ বাদে বাহনৰ পৰা আন ক’তো নমা নাছিল বুলি স্পষ্টীকৰণ দিছিল ।
লগতে পঢ়ক :চামগুৰিত বিজেপি সমৰ্থকৰ বিৰুদ্ধে ৰাহুল গান্ধীক অপদস্থ কৰাৰ অভিযোগ