গুৱাহাটী, ২৩ জানুৱাৰী : বিজেপিয়ে অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাক বাধা দি এই যাত্ৰাক বেছি সফল কৰি তুলিছে বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে । কামৰূপ জিলাৰ হাজোৰ দমদমাৰ ওচৰত সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতা গান্ধীয়ে কয়, ‘‘ এই যাত্ৰাক যিমান বাধা দিব সিমানে এই যাত্ৰা সফল হ’ব ।’’
ৰাহুল গান্ধীয়ে কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰত জোড়ো ন্যায় যাত্ৰাক বাধা দি আচলতে আমাক সহায় কৰিছে । মন্দিৰত যোৱাত বাধা দিছে । স্কুল-কলেজৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলৰ লগত সাক্ষাৎ কৰাত বাধা দিছে । কিন্তু এই বাধা নেওচি সকলো ছাত্ৰ-ছাত্ৰীসকল স্কুল-কলেজৰ পৰা বাহিৰলৈ আহি ভাষণ শুনিছে । এই বাৰ্তা সমগ্ৰ দেশবাসীৰ ওচৰলৈ গৈছে ।’’
কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ভূপেন বৰাক আৰক্ষীয়ে মাৰপিট কৰাৰ ঘটনা সন্দৰ্ভত সংবাদমেলত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে কয়, ‘‘ এয়া সামান্য কথা । ইয়াক লৈ কংগ্ৰেছ দলে ভয় নকৰে । মোক আক্ৰমণ কৰিলেও মই ভয় নকৰো । অন্যায়ৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব ।’’
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ দেশৰ শ্ৰেষ্ঠ দুৰ্নীতিগ্ৰস্থ মুখ্যমন্ত্ৰী হিচাবে অভিহিত কৰি গান্ধীয়ে কয়, ‘‘ হিমন্ত বিশ্ব শৰ্মাই ভাবে যে যেতিয়া ক্ষমতা আৰু টকা থাকে যি ইচ্ছা সেয়া কৰিব পাৰি । এয়া অসমৰ সংস্কৃতি নহয় । এয়া নাগপুৰৰ সংস্কৃতি । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগপুৰৰ সংস্কৃতি অনুসৰণ কৰিছে । হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ অসমবাসীৰ কণ্ঠ নহয়, সেয়া শৰ্মাই বুজা উচিত ।’’