বৰপেটা, ১৮ মাৰ্চ:বৰপেটা লোকসভা সমষ্টিটো চি পি আই এমক এৰি দিবলৈ কংগ্ৰেছক আহ্বান জনাইছে ৰাজ্যৰ ভালেসংখ্যক বিশিষ্ট চিন্তাবিদ, লেখক, সাহিত্যিক, শিক্ষাবিদ আৰু বুদ্ধিজীৱীয়ে । বিজেপিক প্ৰতিহত কৰিবলৈ কংগ্ৰেছৰ নেতৃত্বত ১৬টা বিৰোধী ৰাজনৈতিক দলে বিৰোধী ঐক্য মঞ্চ গঠন কৰিছিল যদিও বহুকেইটা সমষ্টিত উমৈহতীয়া প্ৰাৰ্থী দিবলৈ সক্ষম হোৱা নাই এই ঐক্য মঞ্চ । কংগ্ৰেছে এটা সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়াৰ বিপৰীতে ১৩ টা সমষ্টিত নিজে প্ৰাৰ্থী থিয় কৰাইছে । ফলত বিৰোধী ঐক্য মঞ্চত অসন্তুষ্টি হোৱাত কেইবাটাও দলে নিজাকৈ প্ৰাৰ্থী ঘোষণা কৰিছে । বৰপেটা সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থী দিয়াৰ সমান্তৰালকৈ মিত্রদল চি পি আই এম দলেও মনোৰঞ্জন তালুকদাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰপেটা জিলা চিপিআইএমৰ সম্পাদক আজিজুৰ ৰহমানে ।
ৰাজ্যৰ বুদ্ধিজীৱীসকলৰ আহ্বানৰ প্ৰতি সহাৰি জনাই কংগ্ৰেছে বৰপেটা লোকসভা সমষ্টিটো চিপিআইএমক এৰি দিব নে তাক লৈ এতিয়া চলিছে চৰ্চা । এই সন্দৰ্ভত বৰপেটা জিলা চিপিআইএমৰ সম্পাদক আজিজুৰ ৰহমানে বুদ্ধিজীৱীসকলৰ পত্ৰক সন্মান জনোৱা বুলি মন্তব্য কৰে ৷ বৰপেটা আসনখন চিপিআইএম এৰি দিবলৈ পত্ৰ লিখা বাবে বুদ্ধিজীৱীসকলক ধন্যবাদ জনাই চিপিআইএম নেতাগৰাকীয়ে ৷ বিজেপিক পৰাজিত কৰাৰ বাবে বৰপেটা লোকসভাৰ আসনখন এৰি দিবলৈও কংগ্ৰেছক আহ্বান জনায় বৰপেটা জিলা চিপিআইএমৰ সম্পাদক গৰাকীয়ে ৷ বিৰোধী ঐক্য মঞ্চ একগোট হৈ বৰপেটাত নিৰ্বাচন খেলিলেহে বিজেপিক পৰাজিত কৰিব পাৰিব বুলিও মন্তব্য কৰে সম্পাদক গৰাকীয়ে ৷ যদিহে কংগ্ৰেছে চিপিআইএমক বৰপেটা আসনখন এৰি দিয়ে তেন্তে বিৰোধীৰ জয় নিশ্চিত বুলিও তেওঁ দাবী কৰে ৷