নগাঁও, 26 ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰীৰ নগাঁও ভ্ৰমণৰ সময়ত নগাঁৱৰ এগৰাকী কংগ্ৰেছ নেতাৰ লগতে নাগৰিক সভাৰ দুগৰাকীকৈ নেতাকো আটক কৰাৰ অভিযোগ ৷ দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে নগাঁৱৰ লগতে বঢ়মপুৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ সময়ত এগৰাকী কংগ্ৰেছ নেতাৰ লগতে নাগৰিক সভাৰ দুগৰাকীকৈ নেতাক আটক কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ সোমবাৰে নগাঁও ৰাজীৱ ভৱনত এক সংবাদমেলৰ আয়োজন কৰি কংগ্ৰেছ নেতাক আটক কৰা কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জিলা কংগ্ৰেছৰ সভাপতিয়ে ৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নগাঁৱৰ লগতে বঢ়মপুৰ ভ্ৰমণৰ দিনা বঢ়মপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰঞ্জিত বৰাক দিনৰ এক বজাৰ পৰা সন্ধিয়া 7 বজালৈকে পাৰঘাট আৰক্ষী চকীত আটক কৰি ৰাখে বুলি জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই অভিযোগ কৰে ৷ মুখ্যমন্ত্ৰীৰ সভালৈ ৰাইজ অহাত বাধা দিয়াৰ অভিযোগ তুলি কংগ্ৰেছ নেতাগৰাকীক আৰক্ষীয়ে আটক কৰে বুলি উল্লেখ কৰে জিলা সভাপতিয়ে ৷ সংবাদমেলত নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই কয় যে, মিছা অভিযোগত ব্লক কংগ্ৰেছৰ সভাপতিক আটক কৰাটো গৰিহণাযোগ্য ৷ মুখ্যমন্ত্ৰীৰ সভাত ৰাইজৰ উপস্থিতি সেৰেঙা হোৱা বুলিও উল্লেখ কৰি বিজেপি হতাশগ্ৰস্ত হৈছে বুলি মন্তব্য কৰে জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিগৰাকীয়ে ৷ যাৰ বাবেই কংগ্ৰেছৰ নেতা-কৰ্মী সকলক মানসিক হেঁচা প্ৰয়োগৰ বাবে আৰক্ষী নিয়োগ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিগৰাকীয়ে ৷