মুম্বাই: মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰীৰ নাম শীঘ্ৰেই আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ আশা কৰা হৈছে । দলটোক একেৰাহে তৃতীয়বাৰৰ বাবে ১০০ আসনৰ সীমা অতিক্ৰম কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰা বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাভিছক এই শীৰ্ষ পদৰ বাবে প্ৰথম অগ্ৰাধিকাৰ হিচাপে গণ্য কৰা হৈছে ।
কিন্তু এই মুহূৰ্তত মহাযুটিক অস্বস্তিত পেলোৱাৰ সম্ভাৱনা থকা পৰৱৰ্তী বিষয়টো হৈছে বিগত সময়ত শাসনভাৰ হাতত থকা একনাথ সিন্দেই এইবাৰ কি পদ লাভ কৰিব । সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি, যদিও বিজেপিয়ে ১৩২ খন আসন লাভ কৰি ইয়াৰ কৰ্তৃত্বৰ ওপৰত মোহৰ মাৰিছে, কিন্তু ব্যৱস্থাটো জটিল হ'ব পাৰে ।
একনাথ সিন্দে আঁতৰি যোৱাৰ পিচত আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বিষয়ে সিদ্ধান্ত ল'বলৈ সন্মতি জনোৱাৰ পিচতো আসন্ন ৰাজ্যিক কেবিনেটত গৃহ, বিত্ত, ৰাজহ আৰু নগৰ উন্নয়নৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ আৱণ্টনক লৈ শাসনাধিষ্ঠিত মহাযুটিৰ মাজত ক্ষমতাকেন্দ্ৰিক সংঘাত আৰম্ভ হ'ব পাৰে ।
গৃহমন্ত্ৰী অমিত শ্বাহ, দেৱেন্দ্ৰ ফাড়নাভিছ, একনাথ সিন্দে আৰু অজিত পাৱাৰৰ মাজত বৈঠকত হোৱা আলোচনাত মন্ত্ৰীসভাৰ আকৃতিৰ বিষয়ে স্থান পোৱা বুলি সূত্ৰই প্ৰকাশ কৰিছে । জানিব পৰা মতে, একনাথ সিন্দেয়ে কৈছে যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বিষয়ে সিদ্ধান্ত ল'ব । কিন্তু আসন্ন ৰাজ্যিক কেবিনেটত গৃহ, বিত্ত আৰু নগৰ উন্নয়নৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ আৱণ্টনক লৈ শাসনাধিষ্ঠিত মহাযুটিৰ অভ্যন্তৰত ক্ষমতাকেন্দ্ৰিক সংঘাত আৰম্ভ হৈছে ।