তেজপুৰ, 27 মাৰ্চ:লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন ৷ শাসক-বিৰোধী প্ৰতিগৰাকী নেতা-কৰ্মীয়ে প্ৰচাৰ অভিযান তুংগত কৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যত ফল্গু উৎসৱ ফাকুৱাৰ উছাহ-উদ্দীপনা চলি থকাৰ সময়তে মংগলবাৰে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে শাসক-বিৰোধী উভয়ে ।
দৌল উৎসৱ ৰাজ্যবাসীয়ে উদযাপন কৰাৰ সময়তে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ মনোৰঞ্জন কৰা দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক নেতাসকলক । ইয়াৰ অংশ হিচাবে তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জুক মংগলবাৰৰ নিশা দেখা পোৱা গৈছে তেজপুৰৰ ৰাইজৰ মাজত হোলী নৃত্য প্ৰদৰ্শন কৰা । তেজপুৰ চ’ক বজাৰৰ সমীপত মাৰোৱাৰী সম্প্ৰদায়ৰ মাজত হোলী নৃত্য প্ৰদৰ্শন কৰি ৰাইজৰ লগত হোলী খেলে নেতাগৰাকীয়ে ।
গুঞ্জুয়ে আদিবাসী ধুতি-কামিজ আৰু এটা আদিবাসী লোকৰ পৰম্পৰাগত কোট পৰিধান কৰাৰ লগতে হোলীৰ বাবে মূৰত ৰাজস্থানী টুপী পিন্ধা দেখা গৈছিল । আনহাতে, তেজপুৰত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই কালি হোলীৰ মাজতে বিভিন্ন জ্যেষ্ঠ নাগৰিকৰ মাজত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ দত্তই আজি অৰ্থাৎ বুধবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ শেষৰ দিনটোত মনোনয়ন পত্ৰ দাখিল কৰিব ।