অসম

assam

ETV Bharat / politics

মোদীৰ তৃতীয় কাৰ্যকালৰ প্ৰথমটো দিন; বিশেষ আঁচনি মুকলি প্ৰধানমন্ত্ৰীৰ - PM Narendra Modi - PM NARENDRA MODI

PM Narendra Modi: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালৰ প্ৰথমটো দিনতে কৃষকসকললৈ বিশেষ উপহাৰ । ৯.৩ কোটি কৃষকক লাভান্বিত কৰিব এই আঁচনিয়ে । কৃষকৰ কল্যাণৰ স্বাৰ্থত প্ৰধানমন্ত্ৰীয়ে কি ফাইলত স্বাক্ষৰ কৰিলে ?

PM Narendra Modi
মোদীৰ তৃতীয় কাৰ্যকালৰ প্ৰথমটো দিন (ANI)

By ANI

Published : Jun 10, 2024, 3:09 PM IST

নেশ্যনেল ডেস্ক,১০ জুন :তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে প্ৰথমবাৰৰ বাবে কাৰ্যালয়ত প্ৰৱেশ কৰে । কাৰ্যালয়ত প্ৰৱেশ কৰিয়ে প্ৰধানমন্ত্ৰীয়ে এক্সন আৰম্ভ কৰে । প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ ১৭ সংখ্যক কিস্তি মুকলিৰ জৰিয়তে তেওঁ তৃতীয় কাৰ্যকালৰ প্ৰথমটো দিন আৰম্ভ কৰে । এই আঁচনিয়ে ৯.৩ কোটি কৃষকক লাভান্বিত কৰিব আৰু প্ৰায় ২০,০০০ কোটি টকা বিতৰণ কৰিব । দক্ষিণ ব্লকত তেওঁৰ কাৰ্যালয়ত ফাইলত স্বাক্ষৰ কৰাৰ পিচতে প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰ কৃষকৰ কল্যাণৰ প্ৰতি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ । সেয়েহে দায়িত্ব লোৱাৰ পিচতে প্ৰথম ফাইলটো কৃষক কল্যাণৰ সৈতে সম্পৰ্কিত হোৱাটো উপযুক্ত । তেওঁৰ মতে চৰকাৰে আগন্তুক সময়ত কৃষক আৰু কৃষি খণ্ডৰ বাবে আৰু অধিক কাম কৰি থাকিব বিচাৰে ।

প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ পূৰ্বৰ দুটা কাৰ্যকালত আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন ধন যোজনা, সকলোৰে বাবে গৃহ নিৰ্মাণ, প্ৰধানমন্ত্ৰী শ্ৰম যোগী মান ধন যোজনা, উজ্জ্বলা যোজনা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, উড়ান আৰু মেক ইন ইণ্ডিয়াকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ ইফালে সোমবাৰে সন্ধিয়া ৫ বজাত কেন্দ্ৰীয় কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷

ইফালে প্ৰধানমন্ত্ৰীয়ে কাৰ্যালয়ত উপস্থিত হোৱাৰ পিচত তেওঁক পিএমঅ'ৰ কৰ্মচাৰীসকলে হাত-চাপৰি বজাই আদৰণি জনায় । সকলোৱে শাৰী পাতি থিয় হৈ প্ৰধানমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে ।

উল্লেখ্য যে নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত এক বিশাল অনুষ্ঠানত তেওঁৰ ক্ৰমাগত তৃতীয় কাৰ্যকালৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । তেওঁৰ লগতে কেবিনেটৰ আন সদস্যসকলে শপত গ্ৰহণ কৰে । ৩০ জন কেবিনেট মন্ত্ৰী, ৩৬ জন ৰাজ্যিক মন্ত্ৰী আৰু বিজেপি আৰু সহযোগী দলৰ ৫ গৰাকী ৰাজ্যিক মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে । চুবুৰীয়া অঞ্চল আৰু ভাৰত মহাসাগৰ অঞ্চলৰ বহু মুৰব্বী তথা বিশিষ্ট ব্যক্তিসকলেও অতিথি হিচাপে প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল ।

তেওঁ ২০১৪ চনত SAARC ৰাষ্ট্ৰসমূহৰ সকলো ৰাষ্ট্ৰপ্ৰধানৰ উপস্থিতিত প্ৰথম কাৰ্যকাল আৰম্ভ কৰিছিল । তেওঁ ২০১৯ চনত দ্বিতীয় কাৰ্যকালৰ শপত গ্ৰহণলৈ BIMSTEC নেতাসকলক আমন্ত্ৰণ জনাইছিল ।

লগতে পঢ়ক :মোদীৰ কেবিনেটত পুনৰ স্থান লাভ এই কেইগৰাকী মন্ত্ৰীৰ - Narendra Modi cabinet

ABOUT THE AUTHOR

...view details