অসম

assam

ETV Bharat / politics

দিল্লীলৈ গ’লেও সমষ্টিবাসীৰ কাষত থাকিম : ফণীভূষণ চৌধুৰী - AGP Candidates List

Phani Bhusan Choudhury : দিল্লীলৈ গ’লেও বঙাইগাঁও সমষ্টিবাসী আৰু অসমবাসীৰ প্ৰতি যি দায়িত্ববোধ আছে, সেয়া এগৰাকী জনপ্ৰতিনিধি হিচাবে পালন কৰি যাব বুলি মন্তব্য ফণীভূষণ চৌধুৰীৰ ৷ বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীগৰাকী অসম গণ পৰিষদ দলৰ পৰাই হোৱাটো নিশ্চিত বুলিও কয় তেওঁ ৷

Phani Bhusan Choudhury
সমষ্টিবাসীৰ কাষত থাকিব ফণীভূষণ চৌধুৰী !

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 5:27 PM IST

ফণীভূষণ চৌধুৰীৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 11 মাৰ্চ : "দিল্লীলৈ গ’লেও বঙাইগাঁও সমষ্টিবাসী ৰাইজ আৰু অসমবাসীৰ প্ৰতি যিখিনি দায়িত্ববোধ, সেয়া এগৰাকী জনপ্ৰতিনিধি হিচাবে পালন কৰি যাম ৷ লোকসভালৈ নিৰ্বাচিত হৈ গ’লেও আজিৰ দিনটোত বঙাইগাঁও সমষ্টিৰ ৰাইজে মোক যেনেধৰণে পাই আছে, তেতিয়াও কোনোধৰণৰ পাৰ্থক্য নেদেখিব ৷" বৰপেটা লোকসভা সমষ্টিত অগপৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ পিচতেই এই মন্তব্য কৰিছে ফণীভূষণ চৌধুৰীয়ে ৷

সোমবাৰে অগপৰ আমবাৰীস্থ কাৰ্যালয়ত বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিচতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ফণীভূষণ চৌধুৰীয়ে ৷ পূৰ্বে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনিচ্ছুক ফণীভূষণ চৌধুৰীয়ে দিল্লীলৈ গ‘লেও বঙাইগাঁও সমষ্টিবাসী ৰাইজৰ কাষত থাকিব বুলি মন্তব্য কৰে ৷ "এতিয়াও আবেগিক হৈ আছোঁ" বুলি উল্লেখ কৰি তেওঁ দলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি, দলৰ নেতৃত্বৰ আহ্বানৰ প্ৰতি সন্মান জনায়, দলৰ প্ৰতি আস্থা তথা দায়িত্ববোধ প্ৰকাশ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয় ৷

ইফালে বঙাগাঁও বিধানসভা সমষ্টি অগপ দলে এৰি দিব নেকি বুলি সোধা প্ৰশ্নত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, অসম গণ পৰিষদৰ জন্ম হোৱাৰ পিচৰে পৰা এই সমষ্টিটোত দলটো জয়ী হৈ আহিছে ৷ ৰাজ্যৰ 126 টা সমষ্টি বিশ্লেষণ কৰিলে অসম গণ পৰিষদ দলে কেৱল বঙাইগাঁও সমষ্টিটোত প্ৰতিটো নিৰ্বাচনত জয়ী হৈ আহিছে ৷ গতিকে এই সমষ্টিটো অগপই এৰি দিব বুলি নাভাবে বুলি কয় তেওঁ ৷ তেওঁ কয়- " যদি লোকসভা সমষ্টিত মই জয়লাভ কৰো, তেতিয়াহ’লে বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীগৰাকী অসম গণ পৰিষদ দলৰ পৰাই হ’ব সেইটো নিশ্চিত ৷"

আনহাতে ইচ্ছা অবিহনেও দলে কিয় তেওঁকেই বৰপেটাৰ প্ৰাৰ্থী হিচাবে ঘোষণা কৰিলে সেই সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ফণীভূষণ চৌধুৰীয়ে ৷ তেওঁ কয়- " বৰপেটা লোকসভা সমষ্টিত দলে অনুভৱ কৰিছে যে মই নিৰ্বাচনত অৱতীৰ্ণ হ’লেহে সমষ্টিটোত জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ সেইমতেই দলে মোক অনুৰোধ কৰিছিল ৷ সেইমতেই তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি, অসম গণ পৰিষদ দলৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি, যোৱা নিশা মই নিৰ্বাচনত অৱতীৰ্ণ হম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছো ৷"

লগতে পঢ়ক :বৰপেটাত ফণীভূষণ, ধুবুৰীত জাভেদ ইছলাম : অগপই ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম

ABOUT THE AUTHOR

...view details