নলবাৰী, ৮ এপ্ৰিল:আজি পুৱাই নলবাৰী জিলাৰ বালিলেছা কালী মন্দিৰত দেৱীৰ আশিস গ্ৰহণ কৰি বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ । বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে সোমবাৰে জিলাখনৰ বৰক্ষেত্ৰী সমষ্টিত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰথমে বৰক্ষেত্ৰী সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বালিলেচা কালী দেৱালয়ত আশিস লৈ প্ৰথমখন সভা অনুষ্ঠিত কৰে ।
মৰোৱাত অংশগ্ৰহণ কৰা চতুৰ্থখন সভাৰ অন্তত তেওঁ কেইবাটাও প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । বৰপেটা লোকসভা সমষ্টিত বিপুল ভোটত জয়ী হোৱাৰ লগতে প্ৰায় তিনি লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দাবী কৰে প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে । আনহাতে, নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে ফণীভূষণ চৌধুৰী বৰপেটাত দ্বিতীয় স্থানত থাকিব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া জানিব খোজাত কোনো কথাই নক'লে ফণীভূষণ চৌধুৰীয়ে । আনহাতে, সভাসমূহত নেতাগৰাকীয়ে ১০০ শতাংশ বিধায়ক আৰু ৫০ শতাংশ সাংসদ বুলি কৰি অহা মন্তব্য সম্পৰ্কে সাংবাদিকে জানিব খোজাত ফণীভূষণ চৌধুৰীয়ে কয়," মই সাংসদ বুলি ধৰিয়েই লৈছো ।"