অসম

assam

ETV Bharat / politics

সংবিধান-গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ৰাইজে ভোটদান কৰিব: ৰ'জলিনা তিৰ্কী - LOK SABHA ELECTIONS

Roselina Tirkey: সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ৰাইজে ভোটদান কৰিব বুলি মন্তব্য ৰ'জলিনা তিৰ্কীৰ । বিজেপিয়ে কাজিৰঙালৈ অন্য সমষ্টিৰ প্ৰাৰ্থী কিয় আনিবলগীয়া হ’ল বুলিও প্ৰশ্ন কংগ্ৰেছ প্ৰাৰ্থী তিৰ্কীৰ ৷

ROSELINA TIRKEY
দেৰগাঁৱত কাজিৰঙা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলিনা তিৰ্কী

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 8:07 PM IST

দেৰগাঁৱত কাজিৰঙা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলিনা তিৰ্কী

গোলাঘাট, 23 মাৰ্চ: সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন ৰাজনৈতিক দলসমূহে তীব্ৰতৰ কৰিছে প্ৰচাৰ অভিযান । পিচপৰি থকা নাই কংগ্ৰেছ দল । তাৰ অংশৰূপে শনিবাৰে দেৰগাঁৱত অস্থায়ী নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰ'জলিনা তিৰ্কী ।

কংগ্ৰেছ কৰ্মীসকলক সম্বোধি ভাষণ প্ৰদান কৰে প্ৰাৰ্থীগৰাকীয়ে । ভাষণত বিজেপি দলক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ প্ৰাৰ্থী তিৰ্কীয়ে । উল্লেখ্য যে কাজিৰঙা লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈ আছে ১০ টা বিধানসভা সমষ্টি ৷ কেউটা সমষ্টিলৈকে প্ৰাৰ্থীগৰাকী যাব বুলি উল্লেখ কৰি প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বচনী প্ৰচাৰ অভিযান চলাবলৈ কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলক আহ্বান জনায় তেওঁ

সাংবাদিকৰ বিভিন্ন প্ৰশ্নত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰ'জলীনা তিৰ্কীয়ে । সামগ্ৰীৰ দামবৃদ্ধি, জনজাতিকৰণ, নিবনুৱা সমস্যাৰ লগতে বহুকেইটা প্ৰসংগত মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ তেওঁ কয় যে ‘অচ্ছে দিন’ৰ কথা কৈ শাসনৰ গাদীত বহা বিজেপি নেতৃত্বাধীন চৰকাৰে দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধি কৰিলে ।

তদুপৰি তেওঁ কয় যে চৰকাৰী চাকৰি দিয়াৰ নামত এইখন চৰকাৰে প্ৰতাৰণা কৰিলে, কেৱল মাত্ৰ নিজৰ দলৰ কৰ্মীক লৈ চৰকাৰ চলাই আহিছে ৷ জাতি-মাটি-ভেটিৰ কথাৰে ফুলজাৰি মৰা বিজেপি চৰকাৰে বাংলাদেশক মাটি দিছে, শিলসাঁকোত বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰসকলক এইখন চৰকাৰে উচ্ছেদ কৰিছে বুলিও তিৰ্কীয়ে মন্তব্য কৰে ।

তদুপৰি বিজেপি নেতৃত্বাধীন চৰকাৰে ভাৰতীয় সংবিধান খৰ্ব কৰাৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে বুলি অভিযোগ উত্থাপন কৰে কাজিৰঙা সংসদীয় সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে ৷ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থা ৰক্ষা কৰাৰ স্বাৰ্থত এইবাৰ ৰাইজে ভোটদান কৰিব বুলি উল্লেখ কৰে তিৰ্কীয়ে ।

আনহাতে দেৰগাঁৱত বিজেপি দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই কংগ্ৰেছ দলৰ পাৰ্থী ৰ'জলিনা তিৰ্কীৰ বিৰুদ্ধে কৰা বক্তব্যৰ উত্তৰত কয় যে বিজেপিৰ অহংকাৰ হৈছে আৰু অহংকাৰ হ’লে পতন হয় ৷ কংগ্ৰেছ দলৰ চৰকাৰ আগতেও আছিল আৰু এতিয়াও আহিব ৷ তাৰ উত্তৰ ১৯ এপ্ৰিলত ভোটাৰ ৰাইজে দিব কৰিব ।

কাজিৰঙা লোকসভা সমষ্টিৰ বাবে বিজেপি দলৰ স্থানীয় বহু নেতা আছিল যদিও অন্য সমষ্টিৰ পৰা প্ৰাৰ্থী কিয় আনিবলগীয়া হ’ল বুলিও প্ৰশ্ন কৰে ৰ'জলিনা তিৰ্কীয়ে । বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী ৰাজ্যসভাৰ সাংসদ হিচাপে আছিল, তাতে বহু কাম কৰিব পাৰিলেহেতেন ৷ কিন্তু কোনোদিনে সংসদত অসমৰ হৈ মাত মতা দেখা নাই বুলিও তেওঁ কামাখ্যা প্ৰসাদ তাছাক সমালোচনা কৰে ৷

তেওঁ কয়, ‘‘ইয়াৰ পৰা এটা কথা স্পষ্ট যে কংগ্ৰেছৰ বিৰুদ্ধে কাজিৰঙা লোকসভা সমষ্টিত বিজেপি দলৰ কোনো প্ৰাৰ্থী নথকাৰ বাবে যোৰহাটৰ পৰা আনিবলগীয়া হৈছে ।’’ ইফালে বিজেপি চৰকাৰে বিভিন্নধৰণৰ ভয় ভাবুকি প্ৰদান কৰাৰ বাবে জনসাধাৰণে ভয় খাইছে বাবে সভাসমূহলৈ ওলাই নাহে বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই ৰ'জলিনা তিৰ্কীয়ে ।

লগতে পঢ়ক:ৰাজনৈতিক ক্ষেত্রত সৰ্বানন্দ বনাম লুৰীণজ্যোতি: দুই প্ৰাক্তন আছু নেতাৰ বিচাৰ কৰিব ডিব্ৰুগড়বাসীয়ে

ABOUT THE AUTHOR

...view details