ETV Bharat / politics

চামগুৰিত কংগ্রেছ-এ আই ইউ ডি এফৰ গোপন মিত্ৰতা : বিজেপি

BJP Slams Congress : ৰকিবুলৰ পুত্ৰক বিধায়ক পাতিবলৈ পিছদুৱাৰেদি কংগ্রেছ-এ আই ইউ ডি এফৰ মিত্ৰতা । এই অভিযোগ বিজেপিৰ ।

BJP Slams Congress
চামগুৰিত কংগ্রেছ-এ আই ইউ ডি এফৰ গোপন মিত্ৰতা : বিজেপি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

গুৱাহাটী : "তোষামোদেই কংগ্ৰেছৰ একমাত্র ৰাজনৈতিক দর্শন । সেয়েহে বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এ আই ইউ ডি এফ দল কংগ্ৰেছৰ সদায় পৰিপূৰক । বিপদৰ সময়ত এই দলটোৱে কংগ্ৰেছক আৰম্ভণিৰে পৰা উদ্ধাৰ কৰি আহিছে । অর্থ্যাৎ এ আই ইউ ডি এফৰ ৰাজনীতি কংগ্ৰেছৰ বাবে মকৰধ্বজ হিচাপে প্রমাণিত হৈ আহিছে ।" এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ ।

কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে লগতে কয়, "আগন্তুক উপ-নির্বাচনত প্রার্থী নিদিয়াৰ বাবে সিদ্ধান্ত লোৱাৰ লগতে চামগুৰিৰ কংগ্ৰেছ প্রার্থী ৰকিবুল হুছেইনৰ তনয় তাঞ্জিল হুছেইনক কোনো কাৰণতেই পৰাস্ত হ'বলৈ দিয়া নহ'ব বুলি কৈ এ আই ইউ ডি এফ নেতৃত্বই আচলতে কংগ্ৰেছৰ সাম্প্রদায়িক চৰিত্ৰকে উদঙাই দিছে । ভোট বিচাৰি চামগুৰিৰ জনসাধাৰণৰ কাষলৈ যোৱাৰ পূৰ্বেই কংগ্ৰেছ প্রার্থীগৰাকী বদৰুদ্দিন আজমলৰ দৰবাৰত কেইবাবাৰো উপস্থিত হোৱাৰ কথা এ আই ইউ ডি এফৰ মুৰব্বীজনে নিজেই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে । কংগ্ৰেছ দলে এই কথা খণ্ডন কৰা নাই । এ আই ইউ ডি এফৰ কংগ্ৰেছৰ প্ৰতি নিঃচর্ত সমর্থনকো কংগ্ৰেছ দলে আদৰণি জনোৱা দেখা গৈছে ।"

চামগুৰিত কংগ্রেছ-এ আই ইউ ডি এফৰ গোপন মিত্ৰতা : বিজেপি (ETV Bharat Assam)

উল্লেখ্য যে, ২২ অক্টোবৰৰ নিশা প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসম সন্মিলিত মৰ্চাৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰাৰ লগতে বিহালী বিধানসভা সমষ্টিত চি পি আই (এম এল)ৰ প্ৰাৰ্থীক সমর্থন নকৰাৰ সিদ্ধান্তৰ কথা সহযোগী দলসমূহক লিখিতভাৱে জনায় । এই কথাই কংগ্ৰেছৰ একনায়কত্ববাদী চৰিত্ৰক স্পষ্ট কৰে বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শমাই কয়, "নিজৰ ৰাজনৈতিক স্বার্থ সিদ্ধিৰ বাবেই কংগ্ৰেছ দলে নিজৰ ইচ্ছা অনুসৰি সহযোগী দলসমূহক ব্যৱহাৰ কৰি আহিছে । কংগ্ৰেছৰ কথাত উঠা-বহা কৰা ৰাজনৈতিক দলকহে দলটোৱে সদায় প্রাধান্য দিয়ে । চামগুৰিৰ নিৰ্বাচনত শক্তিশালী প্রতিদ্বন্দ্বিতা আগবঢ়াবৰ বাবে কংগ্ৰেছে এ আই ইউ ডি এফৰ শৰণাপন্ন হৈছে । লগতে বামপন্থী দল আৰু ক্ষুদ্র ক্ষুদ্র আঞ্চলিক দলসমূহৰ অস্তিত্বক অস্বীকাৰ কৰি ৰাজনৈতিকভাৱে তেওঁলোকক অপ্রাসংগিক কৰাৰ এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে । প্রদেশ কংগ্ৰেছৰ সভাপতিকে ধৰি অন্যান্য নেতাৰ বক্তব্যৰ পৰাই এই কথা স্পষ্ট হৈ পৰে ।"

আনহাতে, বিহালী সমষ্টিক লৈ অসম জাতীয় পৰিষদৰ সভাপতি তথা অসম সন্মিলিত মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ মন্তব্য সন্দৰ্ভত ৰঞ্জীৱ শৰ্মাই কয়, "আশাভংগ হ'লে মানুহ মৰ্মাহত হয় । আজি লুৰীণ গগৈৰ তেনেকুৱাই হৈছে । বেচেৰাই সপোন দেখিছিল এইবাৰ কংগ্ৰেছৰ বোকোচাত উঠি যেনেতেনে বিধায়ক হ'ম বুলি, কিন্তু কংগ্ৰেছে দিলে লাথ মাৰি । ভূপেন বৰাই ইমান দূৰত লাথ মাৰিব বুলি মিত্ৰদলে ভবা নাছিল । কঁকালৰ বিষ সহ্য কৰিব নোৱাৰি এতিয়া লুৰীণজ্যোতি গগৈয়ে আবোল-তাবোল বকিছে । আচলতে কংগ্ৰেছ দলক এনেদৰেই আমি চিনি পাব লাগে । লুৰীণজ্যোতি গগৈ এটা উঠি অহা যুৱক, সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এটা দল গঠন কৰিছিলে । ইয়াত এনেদৰে গাড্ডাৰি কৰিব নালাগিছিল কংগ্ৰেছে । লুৰীণজ্যোতিৰ গগৈৰ দৰে এজন উঠি অহা ল'ৰাক এনেদৰে গাড্ডাৰি কৰাৰ বাবে আমি অত্যন্ত দুখ পাইছোঁ ।"

লগতে পঢ়ক :অসমৰ স্বাৰ্থত আমাক কৰা অপমান সহ্য কৰিছোঁ : লুৰীণজ্যোতি গগৈ
লগতে পঢ়ক :বিহালীক লৈ ভংগ হোৱাৰ দিশে কংগ্ৰেছ নেতৃত্বাধীন 'অসম'; সভাপতিৰ পদ ত্যাগ ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.