ETV Bharat / politics

কংগ্ৰেছে মুন্না ভাই এ চি এছ মুন্না ভাই এ পি এছ সৃষ্টি কৰিছিল: ভৱেশ কলিতা

বিৰোধীক তীব্ৰ সমালোচনা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ । সাৰি নগ'ল এ আই ইউ ডি এফ ।

State BJP president Bhabesh Kalita commented on bye-election
বিৰোধীক সমালোচনা ভৱেশ কলিতাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

বাইহাটা: উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি আৰম্ভ হৈছে ৰাজনৈতিক নেতাৰ বাকযুদ্ধ । কেতিয়াবা যদি কংগ্ৰেছ তীক্ষ্ণ বাক্যবাণ, আন কেতিয়াবা আকৌ উভতি ধৰিছে বিজেপি নেতাই । এইবাৰ কংগ্ৰেছক তুলা-ধুনা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ । কংগ্ৰেছৰ লগতে এ আই ইউ ডি এফকো সাঙুৰি ল'লে ৰাজ্যিক সভাপতিগৰাকীয়ে ।

সভাপতি কলিতাই কয়, "অসমত এতিয়া এটা জোঁট গঠন হোৱা দেখা পাইছোঁ, কিবা সন্মিলিত মিত্ৰগোষ্ঠী । তেওঁলোকৰ উদ্দেশ্য এটাই, সেইটো হ'ল তেওঁলোকক শাসন কৰিবলৈ লাগে শোষণ কৰিবৰ কাৰণে । আকৌ মুন্না ভাই এ চি এছ মুন্না ভাই এ পি এছ সৃষ্টি কৰাৰ কাৰণে । তেওঁলোকে পাহৰি গ'ল ২০১৬ চনৰ অসম আৰু আজিৰ তাৰিখত অসমৰ অৱস্থা । বিজেপি নেতৃত্বাধীন চৰকাৰখনে পৰিৱৰ্তন কৰি বিকশিত অসমৰ যি ছবি দাঙি ধৰিছে তাৰবাবে অসমৰ ৰাইজে বিজেপিক ভোটদান কৰিব ।"

বিৰোধীক সমালোচনা ভৱেশ কলিতাৰ (ETV Bharat Assam)

লগতে ভৱেশ কলিতাই কয়,"তেওঁলোকে মেধাৱীক হত্যা কৰিছিল । তেওঁলোকে মুন্না ভাই এ চি এছ মুন্না ভাই এ পি এছ সৃষ্টি কৰিছিল । মন্ত্ৰী-বিধায়কসকলে তেওঁলোকে নিজৰ ঘৰত তালিকা বনাইছিল । ৰাকেশ পালৰ মুখ্য পৃষ্ঠপোষক আছিল কংগ্ৰেছ দল । পইচা দিলেই এ চি এছ পাইছিল । এতিয়া সেইদিন গ'ল । এতিয়া মেধাৰ ভিত্তিত চাকৰি পাইছে । উঠি অহা প্ৰজন্মই বিজেপি চৰকাৰৰ এই পদক্ষেপক আদৰি লৈছে । কিন্তু কংগ্ৰেছৰ দিনত পুনৰ একেই হ'ব দুটা কিনিলে এটা চাকৰি ফ্ৰী ।"

এ আই ইউ ডি এফক সমালোচনা কৰি কয়,"যিহেতু কংগ্ৰেছ আৰু এ আই ইউ ডি এফ এটা মুদ্ৰাৰ দুটা পিঠি । গতিকে তেওঁলোকেও ভোটটো কংগ্ৰেছকে দিব । যোৱাটো বিধানসভাৰ নিৰ্বাচনতো এ আই ইউ ডি এফ কংগ্ৰেছৰ লগতে আছিল । বিধানসভাৰ নিৰ্বাচন আহিলেই লগ-লাগি যায় ।"

লগতে পঢ়ক: অসমৰ স্বাৰ্থত আমাক কৰা অপমান সহ্য কৰিছোঁ : লুৰীণজ্যোতি গগৈ

অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ কিয় ত্যাগ কৰিলে ভূপেন বৰাই, কি আছে পত্ৰত ?

বিহালীক লৈ ভংগ হোৱাৰ দিশে কংগ্ৰেছ নেতৃত্বাধীন 'অসম'; সভাপতিৰ পদ ত্যাগ ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.