গুৱাহাটী, 30 জুন:দেওবাৰে আছিল এন ডি এ চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমটো মন কি বাত অনুষ্ঠান ৷ দলীয় কৰ্মীৰ লগত বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত উপস্থিত হৈ এই কাৰ্যক্ৰম শুনিলে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই । এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ সৈতে একেলগে অংশগ্ৰহণ কৰে মহানগৰীৰ ৰাজধানী মণ্ডলৰ ১৫১ নং বুথৰ কাৰ্যকৰ্তাসকল ৷
বাজপেয়ী ভৱনত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা (ETV Bharat Assam) অনুষ্ঠানৰ শেষত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে ভিন্ন বিষয়ত বাৰ্তালাপ কৰে ৷ বিশেষকৈ ৰাজ্যত বৃদ্ধি পোৱা অপৰাধমূলক কাৰ্যকলাপৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷ মাৰ্ঘেৰিটাই সাম্প্ৰদায়িক শক্তিক বিৰোধীয়ে সাৰপানী যোগান ধৰা বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক:কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ পিচত প্ৰথমবাৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত পবিত্ৰ মাৰ্ঘেৰিটা - Union Minister Pabitra Margherita
ৰাজ্যৰ কিছু কিছু অঞ্চলত অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি পাইছে যদিও বিৰোধীয়ে তাত প্ৰতিবাদ নকৰে ৷ যাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ বাবে সম্প্ৰদায়টোৱে উৎসাহ লাভ কৰে বুলি মন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে ৷
তাৰোপৰি মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাটৰ ভোটাৰ ৰাইজ সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে ভুল ব্যাখ্যা কৰা বুলি সদৰী কৰে ৷ তেওঁ কয় যে, কিছুমান মন্তব্য দলৰ নহয়, ই মাথোঁ ব্যক্তিবিশেষ ৷ তদুপৰি ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অজ্ঞতা প্ৰকাশ কৰে ৷
লগতে পঢ়ক:সৌভাগ্যৱান পবিত্ৰ মাৰ্ঘেৰিটা : মোদী মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ - Pabitra Margherita sworn in as Minister of State
উল্লেখ্য যে, শনিবাৰৰ দিনটোত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে যোৰহাট সমষ্টিবাসীয়ে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক ভোট দি ভুল কৰা বুলি কৈছিল ৷ কংগ্ৰেছৰ ভুৱা প্ৰতিশ্ৰুতিত ভোল গৈ যোৰহাটৰ ৰাইজে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক ভোট দিয়া বুলি কুৰ্মীয়ে যি মন্তব্য কৰিলে, সেয়া অনুচিত বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷
লগতে পঢ়ক:যোৰহাটত গৌৰৱ গগৈ জয়ী হোৱাৰ কাৰণ কি ? ভাঙি পাতি ক'লে ৰূপজ্যোতি কুৰ্মীয়ে - MLA Rupjyoti Kurmi Vs Gaurav Gogoi