বৰপেটাৰোড, 13 মাৰ্চ : ‘‘মই দলৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ আগবাঢ়িছোঁ । কাৰণ দলে মোক যথেষ্টখিনি দিছে ৷ দলৰ এগৰাকী কৰ্মী হিচাপে, এগৰাকী সৈনিক হিচাপে মই একোৱেই দিব পৰা নাই বুলি আজিৰ দিনটোত অনুভৱ হৈছে’’, এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ ৷
বুধবাৰে বৰপেটাৰোড সাহিত্য সভা ভৱনত অসম গণ পৰিষদ দলৰ সাংগঠনিক সভাত অংশ লৈ মিত্ৰদলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে কয়, ‘‘ছালেকাটিৰ পৰা আমিনগাঁৱলৈ অন্তৰ্ভুক্ত বৰপেটা লোকসভা সমষ্টি । এই বৃহৎ লোকসভা সমষ্টিটোৰ বহু সমস্যা আছে । তাৰে বহু সমস্যা কেন্দ্ৰীয় চৰকাৰৰ আৰু বহু সমস্যা ৰাজ্য চৰকাৰৰ অধীনস্থ ৷ সেয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি বৰপেটা লোকসভা সমষ্টিৰ ভিতৰৰ প্ৰতিটো সমস্যা সমাধানৰ প্ৰয়াস কৰা হ’ব ৷’’
বৰপেটাত মিত্ৰদলৰ সন্মুখত বিৰোধী নাই বুলি উল্লেখ কৰি বৰপেটাত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক বিৰোধীয়ে ‘ৱাক অভাৰ’ দিয়া বুলিও উল্লেখ কৰে ৷ বৃহস্পতিবাৰে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে উপস্থিত হ’বলগীয়া সভাত অভাৱনীয়ভাৱে জনসমাগম ঘটিব বুলি উল্লেখ কৰি এইবেলি বৰপেটাৰ নিৰ্বাচন একপক্ষীয় হ’ব বুলিও কয় প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে ।