অসম

assam

ETV Bharat / politics

নিৰ্বাচনত দল নহয় যোগ্য প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব ছাত্ৰ সমাজে - Lok Sabha Election 2024

Lok Sabha Election 2024: লোকসভা নিৰ্বাচনক লৈ যুৱ সমাজৰ আশা-আকাংক্ষা কেনেধৰণৰ ? কেনে প্ৰাৰ্থী নিৰ্বাচিত হোৱাটো তেওঁলোকে বিচাৰে ? নিৰ্বাচনৰ প্ৰাকক্ষণত মহাবিদ্যালয়ে মহাবিদ্যালয়ে ছাত্ৰ সমাজৰ মতামত সংগ্ৰহ ই টিভি ভাৰতৰ । গুৱাহাটীৰ এল চি বি মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে এই সন্দৰ্ভত কি কয় ? সাংবাদিক কুলগীতা সাউদৰ এক প্ৰতিবেদন ।

Lok Sabha Election 2024
নিৰ্বাচনত দল নহয় যোগ্য প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব ছাত্ৰ সমাজে

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 5:27 PM IST

নিৰ্বাচনত দল নহয় যোগ্য প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব ছাত্ৰ সমাজে

গুৱাহাটী,৮ এপ্ৰিল :পাৰ্টী নহয় প্ৰাৰ্থী চাইহে ভোট দিব গুৱাহাটীৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ (এল চি বি মহাবিদ্যালয়) ছাত্ৰ সমাজে । প্ৰথমে চাব প্ৰাৰ্থীৰ যোগ্যতা আৰু তাৰ পিচত তেওঁৰ সংসদত কথা ক'ব পৰা বা অসমৰ হৈ মাত মাতিব পৰা সামৰ্থ্য আছে নে নাই সেয়া লক্ষ্য কৰিব ছাত্ৰ সমাজে । মুঠতে সংসদলৈ যোগ্য প্ৰাৰ্থী নিৰ্বাচিত হোৱাটোৱে বিচাৰে গুৱাহাটীৰ আগশাৰীৰ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ।

সম্প্ৰতি ৰাজ্যজুৰি লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে । প্ৰতিটো সমষ্টিতে শাসক-বিৰোধী আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ আৰম্ভ কৰিছে । তাৰ মাজতে অসমৰ কেইখনমান আগশাৰীৰ মহাবিদ্যালয়ত উপস্থিত হৈছে ই টিভি ভাৰতৰ সাংবাদিক । নিৰ্বাচনৰ ফলাফলৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা যুৱ-প্ৰজন্মৰ মতামত সংগ্ৰহ কৰিছে আমাৰ সাংবাদিকে ।

তাৰ অংশ হিচাপে গুৱাহাটীৰ মালিগাঁওস্থিত এল চি বি মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে আমাৰ কেমেৰাৰ সন্মুখত তেওঁলোকৰ মতামত প্ৰকাশ কৰে । বিশেষকৈ যিসকলে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব তেওঁলোকৰ নিৰ্বাচনক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । অৱশ্যে তেওঁলোকৰ এটাই কথা অসমৰ সৰ্বাংগীন উন্নয়ন হ'ব লাগে ।

অসমৰ নিবনুৱা সমস্যা, বানপানীৰ সমস্যা আদি সমাধান হ'ব লাগে । যিগৰাকী প্ৰাৰ্থীয়ে এইক্ষেত্ৰত কাম কৰিব পাৰিব বুলি বিশ্বাস হয় তেওঁকে এইবাৰ নিৰ্বাচনত ভোট দিব বুলি উল্লেখ কৰে ছাত্ৰ সমাজে । লগতে অসমৰ ঐতিহ্য-সংস্কৃতিৰ ওপৰত গুৰুত্ব দিয়া আৰু সংসদত ৰাইজৰ সমস্যাক সবল ৰূপত তুলি‌ ধৰা প্ৰাৰ্থী নিৰ্বাচিত হোৱাটো কামনা কৰে ছাত্ৰ-ছাত্ৰীসকলে ।

লগতে পঢ়ক :নতুন ভোটাৰৰ মনৰ কথা: তেজপুৰ বিশ্ববিদ্যালয়ৰ যুৱ ভোটাৰে কেনে নেতা বিচাৰে ? - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details