শিলচৰ: অগ্নিগৰ্ভা মণিপুৰত নিৰুদ্দেশ কাছাৰ জিলাৰ গোছাইপুৰৰ এজন মেইটেই লোক । পৰিয়ালৰ লোকে এয়া অপহৰণৰ ঘটনা বুলি সন্দেহ প্ৰকাশ কৰিছে । মণিপুৰৰ কাংপোকপি জিলাৰ লেইমাখঙৰ পৰা নিৰুদ্দেশ হৈছে কাছাৰ জিলাৰ উধাৰবন্ধ সমষ্টিৰ গোছাইপুৰৰ লাইশ্ৰাম কমল বাবু সিং (৫৬)। যোৱা ২৫ নৱেম্বৰৰ সন্ধিয়াৰে পৰা নিৰুদ্দেশ হৈ আছে এই লোকজন ।
সন্ধানহীন হোৱা ব্য়ক্তিজনৰ পৰিয়ালৰ লোকে সদৰী কৰা মতে, লোকজন মণিপুৰ কাংপোকপি জিলাৰ লেইমাখংত এল বিনোদ কনষ্ট্ৰাকচন কোম্পানীত ছুপাৰভাইজাৰ হিচাপে কৰ্মৰত । যোৱা ২০ বছৰ ধৰি তেওঁ কৰ্মসূত্ৰে মণিপুৰতেই আছে । যোৱা ২৫ নৱেম্বৰৰ সন্ধিয়া কৰ্মস্থলীৰ পৰা নিৰুদ্দেশ হৈ পৰে লোকজন । এতিয়ালৈকে মণিপুৰ আৰক্ষীয়ে সন্ধান উলায়াব পৰা নাই লোকজনৰ ।
ইপিনে, নিৰুদ্দেশৰ এই খৱৰ পোৱাৰ লগে লগে আতংকিত হৈ পৰে লাইচাৰাম কমল বাবু সিঙৰ পৰিয়ালৰ লোকসকল । মঙলবাৰে এই ঘটনা সন্দৰ্ভত কাছাৰৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ত এক গোচৰ ৰুজু কৰে লাইশ্ৰাম কমল বাবু সিঙৰ পত্নীয়ে । পৰিয়ালৰ লোকসকলৰ সন্দেহ লাইশ্ৰাম কমল বাবু সিং ক অপহৰণ কৰা হৈছে । কাৰণ যি স্থানৰ পৰা তেওঁ নিৰুদ্দেশ হৈছে তাত কুকি লোকসকলৰ বসতি ।
তেওঁলোকে এই ঘটনাৰ লগত কুকি দুৰ্বৃত্ত জড়িত থাকিব পাৰে বুলি সন্দেহ কৰিছে । সেয়ে তেওঁলোকে অসম চৰকাৰৰ লগতে মণিপুৰ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি শীঘ্ৰেই এই বিষয়ত গুৰুত্ব প্ৰদান কৰি লাইশ্ৰাম কমৰবাবু সিঙৰ সন্ধান দিবলৈ আহ্বান জনাইছে ।
উল্লেখ গোষ্ঠী সংঘৰ্ষত উত্তপ্ত হৈ আছে চুবুৰীয়া মণিপুৰ ৰাজ্য । যোৱা ১১ নৱেম্বৰত মণিপুৰৰ জাকুৰাডহৰৰ পৰা ৬ গৰাকী মেইটেই শিশু আৰু মহিলাক কুকি উগ্ৰপন্থীয়ে অপহৰণ কৰি হত্যা কৰাৰ পাছত অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈছে মণিপুৰত । বৰ্তমান মণিপুৰৰ পৰিস্থিতি কিছু শান্ত হৈ আছে যদিও মণিপুৰৰ লেইমাখঙৰ পৰা কাছাৰৰ বাসিন্দাৰ নিৰুদ্দেশ হোৱা ঘটনাইপুনৰ চিন্তিত কৰি তুলিছে সকলোকে ।