তেজপুৰ, ১২ জুন : ভাৰতীয় ৰাজনীতিত সঘনাই চৰ্চিত এটা নাম কিৰেন ৰিজিজু । অৰুণাচল প্ৰদেশৰ এইগৰাকী বিশিষ্ট ৰাজনীতিবিদ কিৰেন ৰিজিজুৱে এইবাৰ একেৰাহে তৃতীয়বাৰৰ বাবে অৰুণাচল পশ্চিম লোকসভা আসনত জয়লাভ কৰি চতুৰ্থবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হয় ৷ ইয়াৰ পিচতে মোদী 3.0 কেবিনেটত এন ডি এৰ মিত্ৰজোঁটত সোমবাৰে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৰিজিজুৱে ৷ ৰিজিজুৱে এইবাৰ সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিচাপে মঙলবাৰে দায়িত্ব গ্ৰহণ কৰে ৷
ৰাজনৈতিক জীৱনত ৰিজিজুৰ আত্মপ্ৰকাশ :ৰিজিজুৱে প্ৰথমবাৰৰ বাবে ২০০৪ চনত ৰাজনীতিত প্ৰৱেশ কৰিছিল ৷ তেওঁ অৰুণাচল পশ্চিম সমষ্টিক প্ৰতিনিধিত্ব কৰি চতুৰ্দশ লোকসভা নিৰ্বাচনত জয়লাভ কৰিছিল । ২০০৯ চনৰ লোকসভা নিৰ্বাচনৰ বিফলতা স্বত্বেও তেওঁ কংগ্ৰেছত যোগদান কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰ উপদেষ্টা হিচাপে কাম কৰিছিল ৷ তাৰ পিচতে ৰিজিজুৱে ভাৰতীয় জনতা পাৰ্টিত (বিজেপি) যোগদান কৰাৰ লগে লগেই তেওঁৰ ৰাজনৈতিক যাত্ৰাই নতুন মোৰ লাভ কৰে ৷
পৰৱৰ্তী সময়ত ২০১৪ চনত ৰিজিজুৱে লোকসভা নিৰ্বাচনত নিৰ্বাচিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেবিনেট বৈঠকত আত্মপ্ৰকাশ কৰে । নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত গৃহ ৰাজ্যিক মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হৈ ৰিজিজুৱে দেশৰ বিভিন্ন সুৰক্ষা বাহিনীৰ লগত জড়িত হৈ পৰে ।
ইয়াৰ পৰৱৰ্তী সময়ত ২০১৯ ৰ লোকসভা নিৰ্বাচনত পুনৰ নিৰ্বাচিত হৈ ৰিজিজুৱে যুৱ কল্যাণ আৰু সংখ্যালঘু আৰু খেল মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে ৷ তাৰ পিচলৈ তেওঁ ২০২১-২৩ চনলৈ আইন মন্ত্ৰী হিচাবে আৰু ২০২৩ চনত পুনৰ পৃথিৱী বিজ্ঞান দপ্তৰ বিভাগৰ মন্ত্ৰী হিচাপে মোদী মন্ত্ৰীসভাৰ অংশীদাৰ হয় ।