বি বৰুৱা মহাবিদ্যালয়ৰ নতুন ভোটাৰে কি বিচাৰে? গুৱাহাটী, ২ এপ্ৰিল: দেশ তথা অসমত এতিয়া লোকসভা নিৰ্বাচনৰ গৰম বতাহ । সকলো ৰাজনৈতিক দলৰে এতিয়া নিৰ্বাচনী ব্যস্ততা । ভোটাৰক আকৰ্ষিত কৰাৰ বাবে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ ।
দেশৰ তথা বিশেষকৈ অসমত যুৱ প্ৰজন্ম তথা নতুনকৈ ভোটাধিকাৰ লাভ কৰা ছাত্ৰ সমাজৰ দেশৰ ৰাজনীতিত এক বিশেষ ভূমিকা আছে । এনে পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয় বি বৰুৱা মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ, যিসকলে এইবাৰ প্ৰথমবাৰৰ বাবে ভোটৰ অধিকাৰ লাভ কৰিছে তেওঁলোকৰ মনৰ বতৰালৈ ই টিভি ভাৰতৰ এক চমু প্ৰতিবেদন ।
ই টিভি ভাৰতৰ সন্মুখত আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কে নিজৰ মতামত দাঙি ধৰি ছাত্ৰসকলে দেশত এখন কল্যাণকামী আৰু সংবিধান ৰক্ষা কৰাৰ চৰকাৰ আশা কৰিছে । একাংশ ছাত্ৰই দেশত কংগ্ৰেছ আৰু বি জে পিৰ বিকল্প বাঁওপন্থী শক্তিৰ চৰকাৰ বিচাৰিছে । আন একাংশ ছাত্ৰই আকৌ অসমৰ জাতি, মাটি, ভেটি ৰক্ষা কৰাৰ এখন অসমৰ জাতীয়তাবাদী ভাৱধাৰাৰ প্ৰতি সম্মান কৰা চৰকাৰ বিচাৰিছে ।
একাংশ ছাত্ৰই আকৌ শিক্ষাৰ সমস্যা সমাধান কৰা, অসমৰ ছাত্ৰ-ছাত্ৰীক প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰাকৈ বিভিন্ন কোচিঙৰ ব্যৱস্থা কৰাৰ গুৰুত্ব দিয়া এখন ছাত্ৰ-ছাত্ৰীৰ হিতৰ বাবে চিন্তা কৰা চৰকাৰ বিচাৰে । ছাত্ৰসকলৰ মন্তব্য এয়া যে তেওঁলোকে সুবিধাবাদী প্ৰাৰ্থীৰ বিৰুদ্ধে ভোটাধিকাৰ সাব্যস্ত কৰিব । দল সলনি কৰি থকা, কেৱল নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰা প্ৰাৰ্থীক তেওঁলোকে ভোটৰ জৰিয়তে নস্যাৎ কৰাৰ সিদ্ধান্ত লোৱা বুলি ই টিভি ভাৰতৰ সন্মুখত মন্তব্য কৰিছে ।
লগতে পঢ়ক:লোকসভা নিৰ্বাচন তথা প্ৰথম ভোটদান সন্দৰ্ভত দৰং মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়া