অসম

assam

ETV Bharat / politics

একেদিনাই অসমত প্ৰচাৰ চলাব নৰেন্দ্ৰ মোদী-ৰাহুল গান্ধীয়ে - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Lok Sabha Election 2024: ১৭ এপ্ৰিল হ’ব ৰাজ্যৰ ৰাজনৈতিক বাতাবৰণৰ ক্ষেত্ৰত বিশেষ দিন ৷ কিয়নো সেইদিনাই নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীয়ে অসমত চলাব প্ৰচাৰ অভিযান ৷

NARENDRA MODI RAHUL GANDHI CAMPAIGN IN ASSAM
একেদিনাই অসমত প্ৰচাৰ চলাব নৰেন্দ্ৰ মোদী-ৰাহুল গান্ধীয়ে

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 9:23 PM IST

গুৱাহাটী, ৯ এপ্ৰিল: ব’হাগ বিহুৰ উখল-মাখল পৰিৱেশৰ মাজতে একেদিনাই অসমলৈ আহিব শাসক-বিৰোধীৰ দুই শীৰ্ষ নেতা । একেদিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে অসমত চলাব নিৰ্বাচনী প্ৰচাৰ ।

উল্লেখ্য যে ১৭ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণলৈ আহিব । সিদিনাই অসমলৈ আহিব ৰাহুল গান্ধী । প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আজি জনোৱা মতে নিখিল ভাৰত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে ১৭ এপ্ৰিলত অসমত নিৰ্বাচনী প্ৰচাৰ চলাব । সেইদিনা যোৰহাট আৰু ডিব্ৰুগড়ত দুখন জনসভাত কংগ্ৰেছৰ নেতাজনে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব ।

যোৰহাটত কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সমৰ্থনত পুৱা ১১ বজাৰ পৰা নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰিব ৰাহুল গান্ধীয়ে । ইয়াৰ পাচত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ হৈ গান্ধীয়ে ডিব্ৰুগড়ত দিনৰ ১ বজাত প্ৰচাৰ চলাব । ৰাহুল গান্ধীয়ে দুটাকৈ সমষ্টিৰ দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰিব ।

একেদৰে কংগ্ৰেছৰ মহাসচিব জয়ৰাম ৰমেশ দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে অসমত উপস্থিত হ’ব । বুধবাৰে বিয়লি ৪.৩০ বজাত যোৰহাটত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এখন সংবাদমেল সম্বোধন কৰিব । আনহাতে ১১ এপ্ৰিলত গুৱাহাটী প্ৰেছ ক্লাবত বিয়লি ৩.৩০ বজাত কংগ্ৰেছৰ নেতাগৰাকীয়ে আন এখন সংবাদমেল সম্বোধন কৰিব ।

ইফালে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ১৭ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ বৰকুৰাৰ বিদাঞ্চল খেলপথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাল নিৰ্বাচনী জনসভা সম্বোধন কৰিব । ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিবলগীয়া বিশাল নিৰ্বাচনী সভা সাফল্যমণ্ডিত কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে । প্ৰধানমন্ত্ৰীৰ উক্ত সভাত দুই লক্ষাধিক লোকৰ সমাগম হ'ব বুলি ধাৰণা কৰা হৈছে ।

উল্লেখ্য যে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিচত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে নলবাৰীত নিৰ্বাচনী সভা সম্বোধন কৰিব । ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ এই আগমনৰ বাবে দলীয় নেতা-কৰ্মীসকলে পূৰ্ণোদ্যমে প্ৰস্তুতি চলাইছে । উল্লখ্য যে বৰপেটা সমষ্টিটো বিজেপিয়ে মিত্ৰদল অগপক এৰি দিছে আৰু অগপই সমষ্টিটোত প্ৰাৰ্থিত্ব দিছে বিধায়ক ফণীভূষণ চৌধুৰীক ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিত্ৰদলৰ প্ৰাৰ্থীগৰাকীৰ হৈ নলবাৰীত প্ৰচাৰ চলাব । উল্লেখ্য যে সমষ্টিটো বেছিভাগ সময় কংগ্ৰেছৰ দখলত আছিল । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত বৰপেটা সমষ্টিৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে ।

বৰ্তমান সময়ত সমষ্টিটোৰ পূৰ্বৰ পৰিৱেশ নাই । অৰ্থাৎ এইবাৰ সংখ্যালঘু ভোটাৰ সমষ্টিটোত ফেক্টৰ নহয় । এইবাৰ বিজেপিয়ে মিত্ৰদল অগপৰ যোগেদি বৰপেটা সমষ্টিটো নিজৰ দখললৈ অনাৰ বাবে বিশেষভাৱে তৎপৰতা অৱলম্বন কৰিছে । যাৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰথমখন নিৰ্বাচনী সভা সমষ্টিটোৰ অন্তৰ্গত নলবাৰীত সম্বোধন কৰিব ।

লক্ষ্যণীয় বিষয় যে শাসক-বিৰোধীৰ দুই শীৰ্ষ নেতাৰ নিৰ্বাচনী প্ৰচাৰে ১৭ এপ্ৰিলৰ দিনটোত অসমৰ ৰাজনৈতিক বাতাবৰণ আৰু অধিক গৰম কৰি তুলিব । এককথাত সিদিনা অসমত শাসক-বিৰোধীৰ মহা ৰণহুংকাৰ হ'ব ।

উল্লেখ্য যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অধিক তীব্ৰতৰ হৈ পৰিছে প্ৰচাৰ অভিযান । দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে দলৰ ৰথী-মহাৰথী । ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ অগমন ঘটিছে শাসক-বিৰোধীৰ শীৰ্ষ নেতৃত্ব তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টাৰ কেম্পেইনাৰৰ ।

লগতে পঢ়ক:লখিমপুৰৰ নিৰ্বাচনী জনসভাৰ পৰা চীনলৈ কঠোৰ বাৰ্তা গৃহমন্ত্ৰী অমিত শ্বাহৰ

ABOUT THE AUTHOR

...view details