নগাঁও, 25 এপ্ৰিল: ভোটগ্ৰহণৰ এটা দিন পূৰ্বে নগাঁৱত সংবাদমেল সম্বোধন কৰি আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ । সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য- ‘‘নগাঁৱত মই ৰাইজৰ আশীৰ্বাদ পাবলৈ সক্ষম হৈছো । মোৰ জনপ্ৰিয়তা দেখি বিজেপি শংকিত হৈছে । যোৱা চাৰিদিনত পীযুষ হাজৰীকাৰ নিৰ্দেশত নগাঁও আৰু মৰিগাঁও আৰক্ষীয়ে অত্যাচাৰ চলাইছে কংগ্ৰেছ কৰ্মীৰ ওপৰত ।”
বুধবাৰে কংগ্ৰেছৰ অন্তিম প্ৰচাৰৰ সময়তো ইটা ভাটাৰ স্বত্বাধিকাৰী তথা মণ্ডল কংগ্ৰেছৰ সভাপতি মজিবুৰ ৰহমানক বেআইনীভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷ আৰক্ষীৰ বিৰুদ্ধে পক্ষপাতমূলক ভূমিকা গ্ৰহণ কৰাৰো অভিযোগ কৰে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ।
মজিবুৰ ৰহমানৰ ইটাভাটাত কাম কৰা এক দম্পতীৰ লগত থকা শিশু সন্তানক ভয় খুৱাই শিশু শ্ৰমিক সজাই আৰক্ষীয়ে আটক কৰাৰ অভিযোগ কৰে প্ৰদ্যুৎ বৰদলৈয়ে । আৰক্ষীয়ে আটক কৰা মজিবুৰ ৰহমানৰ বিৰুদ্ধে শিশু সৰবৰাহৰ ভুৱা গোচৰ ৰুজু কৰা বুলিও নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে অভিযোগ উত্থাপন কৰে । কেৱল এয়াই নহয়, কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ পৰিয়ালৰ লোকৰ লগতে কংগ্ৰেছী নেতা-কৰ্মীক নগাঁও আৰু মৰিগাঁও আৰক্ষীয়ে অবাইচ গালি-গালাজ কৰাৰো অভিযোগ উত্থাপন কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ।
বাচি বাচি কংগ্ৰেছৰ নেতাক আৰক্ষীয়ে হাৰাশাস্তি কৰাৰো অভিযোগ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ । আনকি কংগ্ৰেছৰ পুলিং এজেণ্টসকলকো আৰক্ষীয়ে ভয়-ভাবুকি প্ৰদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে বৰদলৈয়ে । এই সন্দৰ্ভত ভাৰতৰ নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰি নগাঁও আৰু মৰিগাঁও জিলাৰ দুই আৰক্ষী অধীক্ষকক নিৰ্বাচনৰ পূৰ্বেই অপসাৰণৰ বাবে দাবী জনাই প্ৰদ্যুৎ বৰদলৈয়ে ।
ইপিনে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে বিজেপিৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰা প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে বৃহস্পতিবাৰে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদ্যুৎ বৰলদৈয়ে ।