অসম

assam

ETV Bharat / politics

কংগ্ৰেছে সংখ্যালঘু নেতাক টয়লেট পেপাৰৰ দৰে ব্যৱহাৰ কৰিছে: আজমল - mp badruddin ajmal slams congress

AIUDF workers meet in Hailakandi: হাইলাকান্দিত এ আই ইউ ডিএফৰ কৰ্মীসভা সম্পন্ন । উক্ত সভাত দলৰ মূৰব্বী বদৰুদ্দিন আজমলৰ বিস্ফোৰণ । কংগ্ৰেছৰ লগতে ৰাহুল গান্ধীক তীব্ৰ সমালোচনা ।

AIUDF workers meet in Hailakandi
এ আই ইউ ডিএফৰ কৰ্মীসভা

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 9:43 PM IST

এ আই ইউ ডিএফৰ কৰ্মীসভা

কৰিমগঞ্জ, ২০ জানুৱাৰী :লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমত বিভিন্ন ৰাজনৈতিক নেতাৰ লগতে দলৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ । বিভিন্ন দলে অসমৰ গাঁৱে-ভূঞে সাংগঠনিক ভেঁটি মজবুত কৰিবলৈ এতিয়া তৎপৰ হোৱা দেখা গৈছে । তাৰেই অংশ হিচাপে সাংগঠনিক সভাৰ লগতে প্ৰশিক্ষণ আদি আৰম্ভ হৈছে । পিচপৰি থকা নাই এ আই ইউ ডি এফৰ মূৰব্বী বদৰুদ্দিন আজমল । আজি হাইলাকান্দিত আয়োজিত এ আই ইউ ডি এফৰ এখন কৰ্মীসভাত অংশগ্ৰহণ কৰি দলৰ মূৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছৰ লগতে ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য় কৰি লয় ।

এ আই ইউ ডি এফৰ মূৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয়," কংগ্ৰেছে টয়লেট টিছ্য়ু পেপাৰৰ দৰে সংখ্যালঘু নেতাক ব্যৱহাৰ কৰিছে ।" এ আই ইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে বৰাকলৈ আহি পুনৰ কংগ্ৰেছক আক্ৰমণ কৰে । হাইলাকান্দিত এ আই ইউ ডি এফৰ মূৰব্বী বদৰুদ্দিন আজমলে কংগ্ৰেছ দল সমালোচনা কৰি কয় যে প্ৰতিজন জ্যেষ্ঠ নেতাই কংগ্ৰেছ এৰি ৰাহুল গান্ধীৰ বাবে । তেওঁ ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য় কৰি কয়,"ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই আগন্তুক লোকসভা নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায়।"

ইপিনে, আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে বিশেষ প্ৰভাৱ পেলাব নোৱাৰে বুলি মন্তব্য় কৰি বদৰুদ্দিন আজমলে কয়," লোকসভা নিৰ্বাচনত কংগ্ৰেছে অসমত মাত্ৰ এখন আসনহে পাব ।" উক্ত দলীয় সভাত তেওঁ সকলো কৰ্মীক পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈ থাকিবলৈ আহ্বান জনায় । এই বৈঠকত দলৰ উপ-সভাপতি তথা বিধায়ক কৰিম উদ্দিন বৰভূঁঞা, হাইলাকান্দি জিলাৰ তিনিগৰাকী বিধায়ক নিজামুদ্দিন চৌধুৰী, সুজাম উদ্দিন লস্কৰ আৰু জাকিৰ হুছেইন লস্কৰ উপস্থিত থাকে ।

লগতেভাৰত জোড়ো ন্যায় যাত্ৰালৈ ভয় খাইছে মুখ্যমন্ত্ৰী শৰ্মাই: লুৰীণজ্যোতিৰ কটাক্ষ

ABOUT THE AUTHOR

...view details