গুৱাহাটী, ৭ মে':আজি পুৱা গুজৱ ওলাল দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই নিদিয়ে ভোট । কাৰণ আজি মঙলবাৰ । মঙলবাৰ হোৱাৰ বাবে বিধায়কগৰাকীয়ে অমংগল ঘটাৰ শংকাত ঘৰৰ পৰা নোলাই বুলি ৰাজনৈতিক মহলত আৰম্ভ হ'ল চৰ্চা । এগৰাকী জনপ্ৰতিনিধিৰ এনে মানসিকতাই স্বাভাৱিকতে বহু প্ৰশ্নৰ অৱতাৰণা কৰাৰ সময়তেই নিজৰ স্থিতি সলনি কৰি বিধায়কগৰাকীয়ে ঘোষণা কৰিলে আবেলি ৩ বজাত সপৰিবাৰে ভোট কেন্দ্ৰলৈ যোৱাৰ কথা ।
এই গুজৱৰ পিচতেই বিধায়ক অতুল বৰাই ভোট নিদিয়াৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই । জু-ৰোডৰ শংকৰদেৱ নিকেতনত ভোটাধিকাৰ সাব্যস্ত কৰি সাংসদ অজিত কুমাৰ ভূঞাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘অতুল বৰা এজন জ্যেষ্ঠ বিজেপি নেতা । তেওঁ মঙলবাৰৰ কথা কৈছে যদিও ইয়াৰ আঁৰত বহু কথাই আছে । বিজেপিৰ বাবে এয়া চিন্তাৰ কথা। এই কথাটোৱে প্ৰমাণ কৰিছে যে বিজেপিৰ অৱস্থা এইবাৰ বেয়া ।’’
অতুল বৰাৰ এই সিদ্ধান্তৰ আঁৰত তেওঁৰ বেলেগ চিন্তা-চৰ্চা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে মনোনয়ন দিবলৈ হ'লে নাইবা দলৰ কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত থাকিলে নিশ্চয় ওলাই আহিলেহেঁতেন । দলৰ হুইপ থাকিলে অতুল বৰা ওলাই নাহিলেহেতেন নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে বিজেপিৰ আভ্যন্তৰত সংঘাত-দ্বন্দ্ব হৈছে। পুৰণি বিজেপি নেতাসকলে বিজেপিৰ বৰ্তমানৰ নেতৃত্বক মুকলিকৈয়ে সমালোচনা কৰিছে । বিধায়ক অতুল বৰায়ো মাজে মাজে বৰ্তমানৰ নেতৃত্বক সমালোচনা কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এয়া বিজেপিৰ বাবে বেয়া দিন, অতুল বৰাৰ বাবে নহয় । অতুল বৰাই বিজেপিক এটা বাৰ্তা দিব বিচাৰিছে বুলি মন্তব্য় কৰি তেওঁ কয় যে এইবাৰ অতুল বৰাক টিকট নিদিয়াৰ কথা ওলাইছে ।