অসম

assam

ETV Bharat / politics

সংখ্যালঘু ভোটাৰক আকৰ্ষণ কৰিবলৈ অৱশেষত পুত্ৰৰ নিৰ্বাচনী প্ৰচাৰত নামিল মাতৃ

চামগুৰিত ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ কোনে কি কৰা নাই ? কোনোবাই যদি গান গাইছে, আন কোনোৱে আকৌ মাৰিছে কথাৰ ফুলজাৰি ।

Assam By Poll
চামগুৰি বিধানসভা সমষ্টিত প্ৰচাৰ তুংগত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 9, 2024, 7:26 PM IST

নগাঁও: ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰে তীব্ৰ গতি লাভ কৰিছে । এই পাঁচটা সমষ্টিৰ ভিতৰত চামগুৰি আৰু বিহালী সমষ্টিক লৈ চৰ্চা অব্য়াহত আছে । ইয়াৰ ভিতৰত আকৌ গুৰুত্বপূৰ্ণ হৈছে চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন । শাসকীয় পক্ষৰ নেতা-মন্ত্ৰীৰ লগতে বিৰোধীৰ নেতাসকলো উবুৰি খাই পৰিছে চামগুৰিত । সমষ্টিটোত প্ৰচাৰৰ বাবে সকলোৱে বিভিন্ন কৌশল গ্ৰহণ কৰিছে ।

তাঞ্জিল হুছেইনৰ মাতৃয়ে গালে গান

চামগুৰি বিধানসভা সমষ্টিত প্ৰচাৰ তুংগত (ETV Bharat Assam)

ক্ৰমাৎ অধিক আকৰ্ষণীয় হৈ পৰিছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ । এফালে নিৰ্বাচনী হিংসা আৰু আনফালে ভোটাৰক আকৰ্ষণৰ বাবে সকলো কৌশলেই অৱলম্বন কৰিছে ৰাজনৈতিক নেতাসকলে । কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ হৈ পিতৃ ৰকিবুল হুছেইনে দিন-ৰাতি একাকাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তেই এইবাৰ পুত্ৰ তাঞ্জিলৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছে মাতৃ নাজৰিন হুছেইন । নিৰ্বাচনী প্ৰচাৰৰ প্ৰায় শেষ মুহূৰ্তত প্ৰচাৰত নামিয়েই সংখ্যালঘু ভোটাৰক আকৰ্ষণৰ বাবে গায়িকাৰ ৰূপত মঞ্চত উঠিল তাঞ্জিল হুছেইনৰ মাতৃ নাজৰিন হুছেইন ।

শনিবাৰে চামগুৰি সমষ্টিৰ কাৱৈমাৰীত এখনি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এসময়ৰ জনপ্ৰিয় বাংলা ছবি 'ৰূপবান'ৰ দায়মা গীত গাই ভোটাৰক আকৰ্ষণৰ চেষ্টা চলালে প্ৰাৰ্থীৰ মাতৃ নাজৰিন হুছেইনে । সংখ্যালঘু লোকৰ মাজত এসময়ত জনপ্ৰিয় হৈ পৰা দায়মা গীত গোৱাৰ লগে লগে উপস্থিত লোকেও জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজালে ।

একেখন নিৰ্বাচনী প্ৰচাৰ সভাতেই অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক জনালে প্ৰত্যাহ্বান । নিৰ্বাচনৰ পাছত ৰকিবুল হুছেইনক থানালৈ মাতিলে কংগ্ৰেছৰ সকলো কৰ্মী-সমৰ্থকক একগোট কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

লগতে পঢ়ক:ভূপেন বৰায়ো বিচৰা নাই তাঞ্জিলৰ বিজয় : দিপ্লুৰঞ্জন শৰ্মা

চামগুৰিত অব্যাহত নিৰ্বাচনী হিংসা; বিধায়কসহ কংগ্ৰেছ নেতাৰ বাহনত আক্ৰমণ

ABOUT THE AUTHOR

...view details