ETV Bharat / technology

মানৱ মহাকাশ উৰণ অভিযানক বিকশিত কৰাৰ লক্ষ্যৰে চুক্তি স্বাক্ষৰ ইছৰো-ইএছএৰ - ISRO SIGN AGREEMENT WITH ESA

ইছৰো-ইএছএৰ নতুন অংশীদাৰিত্বই মহাকাশচাৰী প্ৰশিক্ষণ, গৱেষণা পৰীক্ষা আৰু অভিযান ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব, যিয়ে বিশ্ব মহাকাশ অন্বেষণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা প্ৰদান কৰিব ।

ISRO-ESA sign agreement to advance human spaceflight mission, boost global collaboration
মানৱ মহাকাশ উৰণ অভিযানক বিকশিত কৰাৰ লক্ষ্যৰে চুক্তি স্বাক্ষৰ ইছৰো-ইএছএৰ (@isro)
author img

By ETV Bharat Tech Team

Published : 4 hours ago

হায়দৰাবাদ: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শনিবাৰে ইউৰোপীয় মহাকাশ সংস্থা (ইএছএ)ৰ সৈতে মানৱ মহাকাশ উৰণ অভিযানক আগুৱাই নিয়াৰ লগতে বিশ্বৰ সহযোগিতা বৃদ্ধিৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰে ।

“ইছৰো আৰু ই এছ এয়ে মহাকাশচাৰী প্ৰশিক্ষণ, অভিযান ৰূপায়ণ আৰু গৱেষণা পৰীক্ষাৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে, য’ত আগন্তুক এক্সিয়াম-4 অভিযানৰ বাবে সহযোগিতাও অন্তৰ্ভুক্ত । এই অংশীদাৰিত্বই ভাৰতৰ মানৱ মহাকাশ উৰণৰ ক্ষমতা আৰু বিশ্বব্যাপী সহযোগিতাক আগুৱাই লৈ যায় ।"- ভাৰতীয় মহাকাশ সংস্থাটোৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত এনেদৰে শ্বেয়াৰ কৰে ।

এই চুক্তিত স্বাক্ষৰ কৰে মহাকাশ বিভাগৰ ইছৰোৰ সচিব অধ্যক্ষ ড০ এছ সোমনাথ আৰু ই এছ এৰ সঞ্চালক প্ৰধান ড০ জোচেফ আচবাচাৰে । এই চুক্তিত মানৱ মহাকাশ অন্বেষণ আৰু গৱেষণাৰ ক্ষেত্ৰত সহযোগিতামূলক কাৰ্যকলাপৰ কাঠামো প্ৰদান কৰা হৈছে । ইয়াৰ ভিতৰত মহাকাশচাৰী প্ৰশিক্ষণ, পৰীক্ষা বিকাশ আৰু সংহতিৰ বাবে সমৰ্থন, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত ই এছ এৰ সুবিধাৰ ব্যৱহাৰকে ধৰি ক্ষেত্ৰসমূহ অন্তৰ্ভুক্ত ।

তদুপৰি এই চুক্তিয়ে মানৱ আৰু জৈৱ চিকিৎসা গৱেষণা পৰীক্ষা ৰূপায়ণৰ লগতে যৌথ শিক্ষা আৰু প্ৰচাৰ কাৰ্যসূচীও বৃদ্ধি কৰিব । সোমনাথে কয়, “ইছৰোৱে মানৱ মহাকাশ উৰণৰ কাৰ্যকলাপৰ বাবে এক ৰোডমেপ নিৰ্ধাৰণ কৰিছে আৰু ভাৰতীয় অন্তৰীক্ষ ষ্টেচন (বিএএছ)ৰ শেহতীয়াকৈ অনুমোদনে মানৱ মহাকাশ উৰণৰ মঞ্চৰ মাজত আন্তঃকাৰ্যক্ষমতা বিকাশৰ সুযোগ উপস্থাপন কৰিছে ।"

"এই চুক্তিয়ে দুয়োটা সংস্থাৰ মাজত সহযোগিতাৰ এক শক্তিশালী ভিত্তি প্ৰদান কৰিছে । দুয়োটা সংস্থাৰ নেতৃত্বই আগন্তুক এক্সিয়াম-4 অভিযানৰ বাবে যৌথ কাৰ্যকলাপৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে আৰু ভৱিষ্যতে মানৱ মহাকাশ উৰণৰ ক্ষেত্ৰত সহযোগিতামূলক কাৰ্যকলাপ অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে ।"-আচবাচাৰে লগতে কয় ।

ইছৰো আৰু ই এছ এ দুয়োটা আগন্তুক এক্সিয়াম-4 অভিযানৰ অংশ, যাৰ নেতৃত্বত আছে আমেৰিকাৰ ব্যক্তিগত মহাকাশ বাসস্থান কোম্পানী এক্সিয়াম স্পেচ । 2025 চনৰ ভিতৰতে ইয়াক মুকলি কৰাৰ সম্ভাৱনা আছে । ইছৰোৰ গগণযাত্ৰী আৰু ই এছ এৰ মহাকাশচাৰীজন ক্ৰু মেম্বাৰ হোৱাৰ পিছতো দুয়োটা সংস্থাই আই এছ এছৰ ওপৰত ভাৰতীয় প্ৰধান তদন্তকাৰীৰ দ্বাৰা চৰ্টলিষ্ট কৰা পৰীক্ষা ৰূপায়ণৰ বাবে সহযোগিতা আগবঢ়াইছে বুলি ইছৰোই জনায় ।

লগতে পঢ়ক: নিছাৰ উৎক্ষেপণৰ সময় নিশ্চিত কৰিলে নাছা আৰু ইছৰোৱে

গগনযানৰ প্ৰথমটো মানৱবিহীন অভিযানৰ বাবে HLVM-3 গঠনত ব্যস্ত ISRO

PROBA-3 মিছন উৎক্ষেপণৰ বাবে নতুন কাউণ্টডাউন আৰম্ভ ইছৰোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.