গুৱাহাটী : চলিত বৰ্ষত মুক্তিলাভ কৰা ‘বিদুৰভাই’ আছিল বৰ্ষটোৰ ব্লকবাষ্টাৰ ছবি ৷ বিদুৰভাই ছবি আকাৰে আহিব বুলি দৰ্শকৰ মাজত আছিল এক আচৰিত উৎকণ্ঠা ৷ ৱেব ছিৰিজৰ ৰূপত জন্মলাভ কৰা বিদুৰভায়ে পিছে দৰ্শকক নিৰাশ নকৰিলে ৷ বৰঞ্চ দুগুণ উৎসাহেৰে ৰূপালী পৰ্দাত দৰ্শকে আঁকোৱালি ল’লে বিদুৰভাইক ৷ হিন্দী ছবিক ফেৰ মাৰি বুকু ফিন্দাই ছবিগৃহত চলি থাকিল সুব্ৰত কাকতিৰ পৰিচালনাৰ ছবিখন ৷
সুব্ৰত কাকতি, উঠি অহা এজন পৰিচালক, যি দৰ্শকৰ মনৰ মাজত সোমাব জানে ৷ সাধাৰণ এজন ব্যক্তিয়ে জীৱনটোৰ পৰা কি বিচাৰে তাক অনুধাৱন কৰি দৰ্শকৰ মাজত এৰিব বিচাৰে তেওঁ ৷ তাৰ জ্বলন্ত উদাহৰণ বিদুৰভাই ৷
চলিত বছৰটোত বহু কেইখন বিগ বাজেটৰ হিন্দী ছবিৰ লগত ফেৰ মাৰি সগৌৰৱে অসমৰ ছবিগৃহত চলা এই ছবিখন এইবাৰ ডাবিং কৰা হৈছে হিন্দীলৈ । সুব্ৰত কাকতিয়ে জনোৱা অনুসৰি মুম্বাইত চলি আছে ছবিখনৰ ডাবিঙৰ কাম । ডাবিঙৰ পৰিচালনা কৰিছে সঞ্জয় উপাধ্যায়ে । আগন্তুক বৰ্ষৰ আৰম্ভণিতে ছবিখনৰ হিন্দী সংস্কৰণ মুক্তি দিয়া হ'ব । পৰিচালক কাকতিয়ে জনোৱা অনুসৰি অ' টি টি প্লেটফৰ্মত মুক্তি দিয়া হ'ব ছবিখন । পৰৱৰ্তী সময়ত ইউটিউবটো মুক্তি দিয়াৰ সম্ভাৱনা আছে ।
উল্লেখ্য যে চলিত বৰ্ষৰ ১৯ জুলাইত মুক্তিলাভ কৰা ছবিখনে প্ৰায় 11 কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । Rootstock Entertainmentsৰ বেনাৰত নিৰ্মাণ হোৱা এই ছবিখনত অভিনয় কৰিছে চুমকী কছাৰী, বলীন বৰা, উজ্জ্বল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নিতু খনিকৰ, পংকজ মহন্ত, অসীম শৰ্মা, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, হিৰকজ্যোতি বৰদলৈ, আনন্দ বৰুৱা, আচিফ জাভেদ, দ্বীপমণি খাটনিয়াৰকে আদি কৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।
ছবিখনৰ সংগীত প্ৰণয় দত্তৰ আৰু শব্দ সংমিশ্ৰণ সৌভিক ফুকনৰ । দৃশ্যগ্ৰহণ কৰিছে বিতুল দাসে । প্ৰযোজনাত অৰ্ণৱ হাজৰিকাৰ লগতে আন কেবাগৰাকীও শিল্পী আছে । ‘বিদুৰভাই’ প্ৰথমটো দৰ্শনীৰ পৰাই ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে হাউচফুল হৈ পৰিছিল । ছবিগৃহৰ পৰা ওলাই অহাৰ পিছত দৰ্শকৰ মুখত মাথো যোগাত্মক বাৰ্তাহে পোৱা গৈছিল । ই ছবিখনৰ প্ৰমোশ্যনত নিশ্চয়কৈ সহায় কৰে ৷
অত্যন্ত চিনাকী মুখ একোখন নহ'লেও ভাল কাহিনী আৰু পৰিচালনাৰে যে এখন সুন্দৰ ছবি নিৰ্মাণ কৰিব পাৰি তাকেই প্ৰমাণ কৰে পৰিচালক সুব্ৰত কাকতিৰ সুদক্ষ পৰিচালনাই ৷
লগতে পঢ়ক : হিন্দী ছবিয়েও ভাঙিব নোৱাৰিলে ‘বিদুৰভাই’ৰ প্ৰাচীৰ - Assamese film Bidurbhai