বৰপেটাৰোড, 21 ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই দল বাগৰাৰ ধুম উঠিছে ৰাজনৈতিক দলসমূহৰ নেতা-কৰ্মীৰ মাজত ৷ বাক্সা জিলাৰ হটাপাৰাস্থিত বি পি এফৰ কাৰ্যালয়ত মঙলবাৰে দলটোৰ মূৰব্বী তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্রামা মহিলাৰীৰ উপস্থিতিত প্ৰায় চাৰি শতাধিক লোকে আনুষ্ঠানিকভাৱে বি পি এফ দলত যোগদান কৰে । বি পি এফ দলত যোগদান কৰা লোকসকল ইউ পি পি এল আৰু বিজেপি দলৰ বুলি জানিবলৈ পৰা গৈছে ৷
যোগদান অনুষ্ঠানত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে কয়, "প্ৰমোদ বড়ো চৰকাৰে কোনো ধৰণৰ উন্নয়নমূলক কাম কৰিব পৰা নাই ৷ সেয়ে ইউ পি পি এল আৰু বিজেপিৰ ওপৰত ক্ষুণ্ণ হৈ বি পি এফ দলত যোগদান কৰিছে । বিটিচিৰ বন এলেকাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক বিপিএফৰ চৰকাৰে পূৰ্বেও মাটিৰ পট্টা দিছিল ৷ গতিকে বি পি এফ পুনৰ শাসনলৈ আহিলে মাটিৰ জৰীপ চলাই বন বিভাগৰ মাটিত বসবাস কৰা সকলো লোককে মাটিৰ পট্টা প্ৰদান কৰা হ’ব ৷"