অসম

assam

মুখ্যমন্ত্রীৰ সেউজ সংকেত পালেহে অগপত যোগদান কৰিব ছিদ্দিক আহমেদে

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 7:57 PM IST

MLA Siddiq Ahmed react on AGP: কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদে অগপত যোগদান কৰা সন্দৰ্ভত কৰা মন্তব্য়ৰ পিচতেই হৈছে চৰ্চা । অগপত যোগদান কৰাৰ বাবে দলটোৰ সভাপতি অতুল বৰাৰহে সেউজ সংকেতৰ প্ৰয়োজন যদিও ছিদ্দিক আহমেদে হেনো মুখ্য়মন্ত্ৰীৰ সংকেতলৈকেহে অপেক্ষা কৰিছে ।

MLA Siddiq Ahmed react on Budget
বিধায়ক ছিদ্দিক আহমেদ

বিধায়ক ছিদ্দিক আহমেদ

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী: মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সেউজ সংকেত পালে অগপত যোগদান কৰিব কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদে । কংগ্ৰেছ দলৰ হৈ দক্ষিণ কৰিমগঞ্জক প্ৰতিনিধিত্ব কৰা বিধায়ক ছিদ্দিক আহমেদে সোমবাৰে বিধানসভা চৌহদত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এইদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । কংগ্ৰেছৰ নিলম্বিত বিধায়কগৰাকীৰ এই মন্তব্যৰ পাচতে স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে যে অগপ কাৰ দ্বাৰা পৰিচালিত হয় । কাৰণ অগপত যোগদান কৰাৰ বাবে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সেউজ সংকেতৰ কিহৰ প্ৰয়োজন ।

অগপত যোগদান কৰাৰ বাবে দলটোৰ সভাপতি অতুল বৰাৰহে সেউজ সংকেতৰ প্ৰয়োজন । তেনেস্থলত অগপত যোগদান কৰাৰ বাবে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সেউজ সংকেতৰ বাবে কিয় কংগ্ৰেছৰ নিলম্বিত বিধায়কজন অপেক্ষাৰত হৈ আছে । ইফালে, লোক সভা নিৰ্বাচনতো অৱতীৰ্ণ হোৱাৰ হেপাহ পুহি ৰাখিছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদে।

কৰিমগঞ্জ সমষ্টিত প্ৰাৰ্থিত্ব দিলে তেওঁ জয়ী হোৱাটো ২০০ শতাংশ নিশ্চিত বুলি দাবী কৰে । অৰ্থাৎ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনত টিকটৰ নিশ্চয়তা দিলে তেওঁ অগপত যোগদান কৰিব । অগপত যোগদান কৰা প্ৰসংগত তেওঁ কয় যে অগপ দলৰ লগত আলোচনা হোৱা নাই যদিও তেওঁলোকে বিচাৰি আছে । তেওঁৰ এনে মন্তব্যৰ পৰা প্ৰশ্ন হয় যে অগপক কোনে পৰিচালনা কৰে -মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নে অগপ সভাপতি অতুল বৰাই ?

ইফালে আজি বিধান সভাত দাখিল কৰা বাজেটখনক ভাল হোৱা বুলি সদৰী কৰি কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদে কয় যে সকলো খণ্ডতে যথেষ্ট পৰিমাণৰ পুঁজি দিয়া হৈছে । তেওঁ বাজেটখনক ১০০ নম্বৰৰ ভিতৰত ৭০ নম্বৰ দিয়াৰ কথা সদৰী কৰে ।

লগতে পঢ়ক:হিতাধিকাৰী আঁচনিৰে কোনো চৰকাৰে কোনো ভাল বাজেট দিব নোৱাৰে: বিৰোধী

ABOUT THE AUTHOR

...view details