ETV Bharat / politics

ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাগড় থানাত এজাহাৰ দাখিল কংগ্ৰেছৰ - Assam Congress - ASSAM CONGRESS

FIR against Bhabesh Kalita : ৰাজ্যিক বিজেপিৰ সভাপতিৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ ৷ বিজেপি সদস্যইহে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বুলি মন্তব্য কৰিছিল ভৱেশ কলিতাই ৷ ৰাজ্যিক বিজেপিৰ সভাপতিয়ে সংবিধানবিৰোধী মন্তব্য কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ৷

FIR against Bhabesh Kalita
ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাগড় থানাত এজাহাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 20, 2024, 9:34 PM IST

গুৱাহাটী, ২০ ছেপ্টেম্বৰ : বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে গুৱাহাটীৰ ভঙাগড় থানাত প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ দাখিল । প্ৰদেশ কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ নেতৃত্বত এটা প্ৰতিনিধি দলে শুকুৰবাৰে ভঙাগড় থানাত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এজাহৰ দাখিল কৰে ।

১৯ ছেপ্টেম্বৰত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰঙিয়াৰ এখন ৰাজহুৱা সভাত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক উদ্দেশ্যি কেৱল বিজেপি সদস্যইহে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বুলি সদৰী কৰিছিল ৷ প্ৰদেশ কংগ্ৰেছৰ অভিযোগ যে মিছকলযোগে বিজেপিৰ সদস্যভৰ্তি প্ৰক্ৰিয়াত ব্যৱহৃত বিশেষ নম্বৰত মিছকল দিবলৈ এক প্ৰকাৰ ভাবুকি প্ৰদান কৰিছিল বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ।

ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাগড় থানাত এজাহাৰ (ETV Bharat Assam)

প্ৰদেশ কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই কয়, ‘‘অৰুণোদয় আঁচনিৰ ধন মিছকল দি বিজেপিৰ সদস্যভৰ্তিৰ প্ৰমাণপত্ৰ দাখিল কৰাটো বাধ্যতামূলক বুলি ভয় খোৱাব বিচাৰিছে ভৱেশ কলিতাই । সদস্যভৰ্তিৰ প্ৰমাণপত্ৰ দাখিল নকৰিলে অৰুণোদয় আঁচনিৰ ১২৫০ টকা লাভ নকৰে বুলি এক প্ৰকাৰ ধমকি দিছিল নেতাগৰাকীয়ে । বিজেপি সভাপতিগৰাকীৰ এনে দায়িত্বজ্ঞানহীন মন্তব্যই ৰাইজৰ সংবিধান প্ৰদত্ত অধিকাৰ খৰ্ব কৰিছে । ইয়াৰ প্ৰতিবাদস্বৰূপে আৰু ৰাজহুৱা স্থানত এনে সংবিধানবিৰোধী মন্তব্য দিয়াৰ বাবে আজি প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলে ভঙাগড় আৰক্ষী থানাত গোচৰ দাখিল কৰে । ভৱেশ কলিতাক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছো ।’’

এজাহাৰ দাখিল কৰি ৰাতুল কলিতাই সাংবাদিকৰ আগত কয়, ‘‘বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মানসিক সন্তুলন হেৰুৱাই ৰাইজক ভয়-ভাবুকি দি নিজৰ চকী বচাব বিচাৰিছে । ভৱেশ কলিতাৰ পৈতৃক সম্পত্তি বিক্ৰি কৰা ধনেৰে অৰুণোদয় আচঁনিৰ ধন দিয়া হোৱা নাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ পত্নীয়ে বে-আইনীভাৱে আহৰণ কৰা সম্পত্তি বিক্ৰি কৰি পোৱা ধনেৰে ৰাজহুৱা আঁচনি প্ৰবৰ্তন কৰা নাই । প্ৰতিটো চৰকাৰী আঁচনিৰ ধন ৰাইজৰ আৰু ৰাইজৰ ধনকেই ৰাজহুৱা আচঁনি জৰিয়তে হিতাধিকাৰীসকলক দিয়া হৈছে । ভৱিষ্যতে ভৱেশ কলিতাই যাতে এনেকুৱা নিম্ন ৰুচিসম্পন্ন আৰু সাধাৰণ ৰাইজক ভয়-ভীতি দেখুওৱা মন্তব্য নকৰে, তাৰ বাবে সাৱধান থাকিবলৈ আহ্বান জনাইছো ।’’

গোচৰ দাখিল কৰাৰ সময়ত ৰাতুল কলিতাৰ লগত প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰূপা দেউৰী, সাধাৰণ সম্পাদক অৰুণ তিৱাৰী, সম্পাদক কৃদীপ বৰ্মন, গীতালি দাস, মানস প্ৰতীম তালুকদাৰকে ধৰি আন নেতাসকল উপস্থিত আছিল ৷

লগতে পঢ়ক : কংগ্ৰেছে জনতাৰ ওচৰত ক্ষমা খুজিব লাগে: ভৱেশ কলিতা

প্ৰতিগৰাকী দুখীয়া মহিলাই অৰুণোদয় পোৱাটো নিশ্চিত : পদ্ম হাজৰিকা

সকলো ৰেচন কাৰ্ড হিতাধিকাৰীয়ে অৰুণোদয় নাপাবও পাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.