ETV Bharat / politics

উপ-নিৰ্বাচনত কি ফৰ্মুলাত মিত্ৰতা অগপ-বিজেপিৰ ? চামগুৰিৰ উপ-নিৰ্বাচনত কিয় প্ৰতিদ্বন্দ্বিতা নকৰে অগপই ? - Assam bye elections 2024

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Bye election in Samaguri : লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছৰে পৰাই ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা । বিশেষকৈ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ দুৰ্গ হিচাপে পৰিচিত চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ ৰাজ্যজুৰিয়েই অব্যাহত আছে চৰ্চা । চামগুৰি সমষ্টিৰ পৰা অগপ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চৰ্চা আৰম্ভ হোৱাৰ পিছত সমষ্টিটোৰ পৰা একপ্ৰকাৰ প্ৰাৰ্থী ঘোষণাই কৰিলে বিজেপিয়ে ৷ কিন্তু কি ফৰ্মুলাত সমষ্টিটো বিজেপিক এৰি দিলে অগপই ? ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এক বিশেষ প্ৰতিবেদন ৷

Bye election in Samaguri
অসম গণ পৰিষদৰ নেতা মণিমাধৱ মহন্ত (ETV Bharat Assam)

নগাঁও, ২০ ছেপ্টেম্বৰ : বিগত লোকসভা নিৰ্বাচনত ৰাজ্যৰ পাঁচগৰাকীকৈ বিধায়ক সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই খালী হৈ পৰা অসম বিধানসভাৰ পাঁচখন আসনৰ বাবে অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন । ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ইতিমধ্যেই তৎপৰতা আৰম্ভ কৰিছে ৰাজলৈতিক দলসমূহেও ৷ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচ বিধানসভা সমষ্টিৰ ভিতৰত সৰ্বাধিক চৰ্চিত বিধানসভা সমষ্টিটোৱেই হৈছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ দুৰ্গ হিচাপে পৰিচিত চামগুৰি বিধানসভা সমষ্টি ।

চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক লৈ কিয় হৈছে সৰ্বাধিক চৰ্চা ?

১৯৮৩ আৰু ১৯৯১ চনত দুবাৰকৈ জয়লাভ কৰি ৰকিবুল হুছেইনৰ পিতৃ নুৰুল হুছেইনে প্ৰতিনিধিত্ব কৰা চামগুৰি বিধানসভা সমষ্টি ১৯৯৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নুৰুল হুছেইনক পৰাজিত কৰি দখল কৰিবলৈ সক্ষম হৈছিল অগপৰ অতুল শৰ্মাই । কিন্তু ২০০১ চনৰ বিধানসভা নিৰ্বাচনত অগপৰ প্ৰাৰ্থী তথা সেই সময়ৰ বিধায়ক অতুল শৰ্মাক পৰাজিত কৰি কংগ্ৰেছৰ দখললৈ আনিবলৈ সক্ষম হৈছিল ৰকিবুল হুছেইনে । অগপৰ প্ৰাথী অতুল শৰ্মাক মাত্ৰ ৩,৩৮৬ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈয়েই তৰুণ গগৈ মন্ত্ৰীসভাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা ৰকিবুল হুছেইন পৰৱৰ্তী সময়ত সমষ্টিটোৰ পৰা একেৰাহে পাঁচবাৰকৈ নিৰ্বাচিত হৈ সমষ্টিটোক নিজৰ এক শক্তিশালী দুৰ্গ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছিল । কিন্তু চামগুৰি সমষ্টি এৰি হঠাৎ এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলৰ ভেটি দুৰ্বল হৈ পৰা ধুবুৰী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ ৰকিবুল হুছেইন সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰাই চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক লৈ আৰম্ভ হৈছে চৰ্চা ৷

কেৱল এয়াই নহয়, একেৰাহে প্ৰায় ২৩ টা বছৰ ৰকিবুল হুছেইনেই প্ৰতিনিধিত্ব কৰা চামগুৰি সমষ্টিৰ পৰা এইবাৰ উপ-নিৰ্বাচনত ৰকিবুল হুছেইনৰেই পুত্ৰ তথা এন এছ ইউ আই নেতা তাঞ্জিল হুছেইনে কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো একপ্ৰকাৰ চূড়ান্ত হৈ পৰিছে ৷ তাৰ পিছতে সমষ্টিটো দখলৰ বাবে অধিক তৎপৰ হৈ পৰিছে শাসকীয় দল বিজেপিৰ লগতে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলো ।

আনফালে চামগুৰি সমষ্টিত দলীয় ভেটি যথেষ্ট শক্তিশালী থকা অগপ দলৰ হৈ দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ ভাতৃ তথা অগপ নেতা মণিমাধৱ মহন্তই উপ-নিৰ্বাচনত সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ব্যাপক চৰ্চা চলিছিল যদিও হঠাৎ অগপৰ মিত্ৰদল বিজেপিয়েই একপ্ৰকাৰ ঘোষণাই কৰিলে দলটোৰ প্ৰাৰ্থী ৷ প্ৰাৰ্থীৰ চূড়ান্ত তালিকাত ছীল-মোহৰ মাৰিবলৈ বাকী যদিও চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী হিচাপে বিজেপি নেতা ডিপ্লুৰঞ্জন শৰ্মাই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ।

চামগুৰি সমষ্টিৰ পৰা কিয় প্ৰতিদ্বন্দ্বিতা নকৰে অগপই ?

পূৰ্বেও চামগুৰি বিধানসভা সমষ্টিৰ পৰা অগপ দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ ৰেকৰ্ড থকাৰ পিছতো সমষ্টিটোৰ উপ-নিৰ্বাচনত প্ৰথমাৱস্থাত অগপৰ প্ৰাৰ্থীয়েই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছিল যদিও অৱশেষত সমষ্টিটোৰ উপ-নিৰ্বাচনৰ বাবে বিজেপি দলে ঘোষণা কৰিছে প্ৰাৰ্থী । আচলতে বিগত ২০২১ চনত চামগুৰি বিধানসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবেই উপ-নিৰ্বাচনতো সমষ্টিটোৰ পৰা মিত্ৰদলৰ হৈ বিজেপি দলেই প্ৰাৰ্থিত্ব আগবঢ়োৱাটো নিশ্চিত হৈ পৰিছে ।

কেৱল চামগুৰি সমষ্টিতেই ৰাজ্যত হ’বলগীয়া উপ-নিৰ্বাচনত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত হোৱা মিত্ৰতাৰ ফৰ্মুলা অনুসৰিয়েই আসন বুজাবুজি অক্ষুণ্ণ থাকিব । এই কথা ই টিভি ভাৰতক জানিবলৈ দিছে অগপৰ নগাঁও জিলাৰ সভাপতি মণিমাধৱ মহন্তই । অৱশ্যে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ অগপ দলে সৰ্বতোপ্ৰকাৰ সহায় কৰিব বুলিও উল্লেখ কৰে অগপ নেতা মণিমাধৱ মহন্তই ।

জোখতকৈ বেছি ভয় খাইছে ৰকিবুল হুছেইনে : মণি মাধৱ মহন্ত

চামগুৰি বিধানসভা সমষ্টিত পূৰ্বে থকা ৰকিবুল হুছেইনৰ ভেটি সম্প্ৰতি ধুবুৰীলৈ স্থানান্তৰিত হোৱা বুলিও কটাক্ষ কৰে অগপ নেতা মণিমাধৱ মহন্তই । তেওঁ কয়, ‘‘চামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ ভৰিৰ তলৰ মাটি খহি যোৱা বাবেই ধুবুৰীলৈ ঢাপলি মেলা ৰকিবুল হুছেইন এইবাৰ জোখতকৈ বেছি ভয় খাইছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক লৈ । কাৰণ সমষ্টিৰ ৰাইজে এইবাৰ বিমুখ কৰিছে ৰকিবুল হুছেইনক ।’’

উপ-নিৰ্বাচনত চামগুৰি বিধানসভা সমষ্টিটো দখল কৰিবলৈ শাসকীয় দল বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছেও আৰম্ভ কৰিছে ব্যাপক তৎপৰতা । দল দুটাৰ মাজত বৃদ্ধি পোৱা তৎপৰতাই অধিক আকৰ্ষণীয় কৰি তুলিছে সমষ্টিটোৰ ৰাজনৈতিক পৰিৱেশ ৷

লগতে পঢ়ক : এতিয়াও নিশ্চিত হোৱা নাই প্ৰাৰ্থী: তথাপিও সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ প্ৰচাৰ অভিযান

উপ-নিৰ্বাচনৰ বাবে সৰ্বপ্ৰথমে প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ কৰিব আপ অসমে

উপ-নির্বাচন: পূৰ্বৰ বিধানসভা সমষ্টিৰ মোহ এৰিব পৰা নাই তিনিগৰাকী সাংসদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.